ৰাখী সাৱন্ত বলীউড জগতৰ এনে এক নাম যি সদায় এটা নহয় এটা কাৰণত চৰ্চিত হৈ সংবাদ শীৰ্ষত থাকে ৷ শেহতীয়াকৈ প্ৰেমিক আদিলৰ সৈতে হোৱা বৈবাহিক কেন্দ্ৰ কৰি এইবাৰ চৰ্চিত হৈছে ৰাখী। ৰাখীয়ে তেওঁৰ ইতিমধ্যে বিয়া হৈ যোৱা বুলি কোৱা কথাষাৰ আৰম্ভণিৰে পৰাই আদিলে অস্বীকাৰ কৰি আহিছে। কিন্তু বহু চৰ্চাৰ অন্তত অৱশেষত আদিলে ৰাখীৰ লগত বৈবাহিক সম্পৰ্কত বান্ধ খোৱাৰ কথা স্বীকাৰ কৰিছে ৷ কিন্তু ৰাখীৰ জীৱনলৈ এই সুখৰ বাৰ্তা কঢ়িয়াই অনাৰ মূল কাৰণ হৈছে বলীউড চুপাৰষ্টাৰ ছলমান খান।
হয়, ছলমান খানৰ বাবেই আদিলে ৰাখীৰ সৈতে হোৱা বৈবাহিক সম্পৰ্কৰ কথা স্বীকাৰ কৰিছে। সংবাদ মাধ্যমৰ আগতো আদিল আৰু ৰাখীয়ে নিজেই এই কথা প্ৰকাশ কৰিছে । পাপাৰাজীৰ সৈতে হোৱা এক কথা-বতৰাত ৰাখীয়ে কয় যে ভাতৃ ছালমানেও আদিলক লগ পাইছে।আনহাতে ছলমানৰ পৰা ফোন অহাৰ পিছতেই আদিলে স্বীকাৰ কৰিছে এই সম্পৰ্ক । ককায়েক থাকোতে ভনীয়েকক বিয়া কৰাবলৈ কোন সতে অস্বীকাৰ কৰিব পাৰে আদিলে ৷
ইয়াৰ উপৰিও আদিলেও এই বিষয়ে অৱগত কৰিছে যে ছলমান খানে তেওঁক ফোন কৰি কৈছিল যে যিয়েই নহওক কিয় তেওঁ যেন এই সম্পৰ্ক মানি লয়। যদি তেওঁ গ্ৰহণ কৰিব বিচাৰে তেন্তে গ্ৰহণ কৰক অন্যথা সম্পূৰ্ণ নাকচ কৰক। কিন্তু সত্যক গ্ৰহণ কৰি মুখামুখি হওঁক ।
সেয়েহে বৈবাহিক সম্পৰ্কৰ কথা স্বীকাৰ কৰি আদিলে ৰাখীক ক্ষমা খুজিছে। তেওঁ কয় যে তেওঁ এই নিকাহ মানি লৈছে আৰু ৰাখী তেওঁৰ পত্নী। ৰাখীৰ জীৱনলৈ তেওঁৰ ভালপোৱা ঘূৰি অহাত অত্যন্ত সুখী ৰাখী সাৱন্ত । সেয়েহে ভাতৃ ছালমান খানক ধন্যবাদ জনাইছে জনপ্ৰিয় অভিনেত্ৰী ৰাখী সাৱন্তে ।