প্ৰায় দুটা দশকৰ অপেক্ষাৰ অন্তত বিগ স্ক্ৰীণলৈ ওভতি আহিব হেৰা ফেৰী ৷ ‘হেৰা ফেৰী ৩’ ছবিখনত একেলগে পৰ্দালৈ ঘূৰি আহিছে অক্ষয় কুমাৰ-সুনীল ছেট্টী-পৰেশ ৰাৱাল । দৰ্শক আৰু অনুৰাগীয়ে ছবিখনৰ বাবে অপেক্ষা কৰি আছে। ইতিমধ্যে ছবিখনৰ টিজাৰ শ্বুট কৰা হৈছে। ছ’চিয়েল মিডিয়াতো দেখা গৈছে শ্বুটিং ফ্ল’ৰৰ ফটো। ইয়াৰ পূৰ্বে খবৰ ওলাইছিল যে বলীউডৰ অভিনেতা সঞ্জয় দত্তই ‘হেৰা ফেৰী ৩’ ছবিত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে। কিছুদিন পূৰ্বে অভিনেতাজনে নিজেই এই খবৰটো নিশ্চিত কৰিছিল। এইবাৰ অভিনেতাজনে ছবিখনত নিজৰ চৰিত্ৰৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে ৷
‘হেৰা ফেৰী ৩’ ছবিখনত সঞ্জয় দত্তক খলনায়ক হিচাপে দেখা যাব। চৰিত্ৰটোৰ বিষয়ে সোধাত অভিনেতাজনে কয় যে তেওঁ অন্ধ ডনৰ চৰিত্ৰত অভিনয় কৰিবলৈ ওলাইছে। সঞ্জয়ে কয়, ‘এইটো এটা অতি গুৰুত্বপূৰ্ণ চৰিত্ৰ। ‘ৱেলকাম’ ছবিখনৰ ফিৰোজ খানৰ চৰিত্ৰটোৰ লগত এই চৰিত্ৰটোৰ বহুত মিল আছে। আশাকৰোঁ আৰ ডি এক্সৰ লগতে এই চৰিত্ৰটোও দৰ্শকে ভাল পাব।”
‘হেৰা ফেৰী ৩’ত আইকনিক চৰিত্ৰ ‘বাবু ভাইয়া’ হিচাপে ঘূৰি আহিছে পৰেশ ৰাৱাল। এইবাৰ লছ এঞ্জেলছ, ডুবাই আৰু আবুধাবিত ছবিখনৰ দৃশ্যগ্ৰহণ হ’ব।