অক্ষয় কুমাৰ, পংকজ ত্ৰিপাঠী অভিনীত ছবি ওএমজি -২ অহা ১১ আগষ্টত মুক্তি পোৱাৰ কথা আছিল। সেইদিনা মুক্তি পাব ছানী দেউলৰ ছবি ‘গাদৰ ২’। বহুতে ভাবিছিল যে এইবাৰ স্বাধীনতা দিৱসৰ দিনা দুই মেগাষ্টাৰক মুখামুখি হোৱা দেখা যাব। কিন্তু নির্ধাৰিত দিনত মুক্তি নাপাব ওএমজি -২ ৷ অক্ষয়ৰ এই ছবিখন চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশ্যন এণ্ড চেঞ্চৰ ব’ৰ্ডৰ অন্তৰ্গত হৈছে। চেন্সৰ ব’ৰ্ডে ছবিখনৰ ওপৰত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰিছে।
২০১২ চনত অক্ষয় কুমাৰৰ ছবি ওএমজি-অহ মাই গড মুক্তি লাভ কৰে। ছবিখনৰ মূল বিষয়বস্তু আছিল বিশ্বাস আৰু অবিশ্বাসৰ মাজৰ দ্যুদলমান অৱস্থা । ইয়াৰ উপৰিও ছবিখনে অন্ধবিশ্বাস, ধৰ্মৰ নামত অসাধু ব্যৱসায়ীৰ উৎপাত আদিৰ কথাও সন্নিৱিষ্ট হৈছিল ছবিখনত। এইবাৰ আহি আছে সেই ছবিখনৰ দ্বিতীয় খণ্ড। কিন্তু চেঞ্চৰ ব’ৰ্ডে আপত্তি কৰিছে ছবিখনৰ কেইবাটাও দৃশ্যক লৈ । তেওঁলোকে ছবিখনৰ পৰা প্ৰায় ২০টা দৃশ্য আঁতৰাই পেলাবলৈ সিদ্ধান্ত লৈছে । কেৱল সেয়াই নহয়, এই ছবিখনক ‘উ/এ’ৰ সলনি ‘এ’ প্ৰমাণপত্ৰ দিয়া হ’ব। কাৰ্যতঃ ইয়াক লৈ সমস্যাত পৰিছে নির্মাতা ৷
যোৱা জুন মাহত মুক্তি পাইছিল ‘আদিপুৰুষ’ ছবিখন। সেই ছবিখনৰ কেইবাটাও সংলাপক লৈ দেশত বিতৰ্ক বিয়পি পৰিল। গতিকে এইবাৰ ‘ওএমজি -২ ছবিৰ ক্ষেত্ৰত এই অতিৰিক্ত সাৱধানতা অৱলম্বন কৰা হৈছে ৷ ওএমজি -২ত মহাদেৱৰ চৰিত্ৰত। সেই লুকটো ইতিমধ্যে ছ’চিয়েল মিডিয়া পেজত প্ৰকাশ পাইছে। মহাদেৱৰ লুকত অভিনেতাজনক দেখি তেওঁৰ অনুৰাগীসকল উৎফুল্লিত হৈ পৰিছে। যদিও ছবিখনৰ ভৱিষ্যত এতিয়াও অনিশ্চয়তাত ৷