দৰ্শকক ছবিগৃহলৈ টানি নিবলৈ কিয় ব্যৰ্থ হৈছে ৰণবীৰ কাপুৰৰ চামছেৰা ? বৰ্তমান সময়ত সেয়া এক ডাঙৰ প্ৰশ্নহৈছে চলচ্চিত্ৰ প্ৰেমী সকলৰ বাবে ৷ সপ্তাহান্তত ভাল নহ’ল ছবিখনৰ বক্স অফিছ সংগ্ৰহ ৷ ২০২২ চনৰ বলীউডৰ বহুতো একচন ছবিৰ দৰে চামছেৰাইও বক্স অফিচত কোনো চমক দেখুৱাব নোৱাৰিলে। যদিও চামছেৰাত অভিনয় কৰিছে বাণী কাপুৰ আৰু সঞ্জয় দত্তৰ দৰে বলীউডৰ জনপ্ৰিয় বহুকেইজন অভিনেতাই ।
প্ৰথম দিনটোত ১০.২৫ কোটি টকাৰ আৰম্ভনিৰে সৈতে চামচেৰাই আৰম্ভ কৰিছিল যাত্ৰা । যদিও সপ্তাহান্তত চিনেমাখনৰ ব্যৱসায় ভাল হ’ব বুলি আশা কৰা হৈছিল, এনে লাগিছে যে জনপ্ৰিয় অভিনেতা সকল থকা স্বত্বেও সংগ্ৰহ কম হৈছে ছবিখনৰ। প্ৰথম সপ্তাহান্তত, চামছেৰাই মাত্ৰ ৩১ কোটি টকা উপাৰ্জন কৰিছিল আৰু দেখা গৈছে যে ছবিখনৰ এতিয়ালৈকে সংগ্ৰহ মাত্ৰ ৬৫ৰ পৰা ৭৫ কোটি টকা ।
বলীউড হাঙ্গামাৰ এক প্ৰতিবেদন অনুসৰি, সোমবাৰে ছবিখনৰ বুকিঙত ৭০ শতাংশ হ্ৰাস পাইছে। আনহাতে এক প্ৰতিবেদনত কোৱা হৈছে যে চামছেৰাই প্ৰথম দিনটোত মাত্ৰ ৪ কোটি টকা উপাৰ্জন কৰিছিল।
উল্লেখ্য যে ‘চামছেৰা’ত অভিনয় কৰিছে ৰণবীৰ কাপুৰ, বানী কাপুৰ,সঞ্জয় দত্ত আদিৰ দৰে বলীউডৰ বলিষ্ঠ অভিনেতাই । ছবিখনত সঞ্জয় দত্তই শুদ্ধ সিং নামৰ এজন দুষ্ট, নিৰ্দয় আৰু আবেগশূণ্য ব্যক্তিৰ ভূমিকা পালন কৰিছে। চলচ্চিত্ৰখন ১৮০০ চনৰ কাজা চহৰত নিৰ্মাণ কৰা হৈছে, য’ত এটা যোদ্ধা জনজাতিক এজন নিৰ্মম আধিপত্যবাদী সেনাপতি শুদ্ধ সিঙে বন্দী কৰি অত্যাচাৰ কৰে। বিশেষকৈ কাহিনীটোৱে এজন দাসৰ ওপৰত গুৰুত্ব আৰোপ কৰে যি এজন নেতা আৰু তেওঁৰ জনজাতিৰ বাবে এক কিংবদন্তি যি নিৰন্তৰভাৱে তেওঁৰ জনজাতিৰ স্বাধীনতা আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়ে। চামছেৰাত ৰণিত ৰয়, সৌৰভ শুক্লা আৰু আশুতোষ ৰাণায়ো শক্তিশালী চৰিত্ৰত অভিনয় কৰিছে।
ইমান সুন্দৰ কাহিনী,চিত্ৰনাট্য ,শক্তিশালী অভিনয় আৰু বলিষ্ঠ অভিনেতা থকা স্বত্তেও কিয় দৰ্শকৰ সহাৰি পাবলৈ ব্যৰ্থ হ’ল ছবিখন সেয়াও এতিয়া এক বিচাৰ্য বিষয় ৷