দাক্ষিণাত্যৰ ষ্টাইলিছ তাৰকা আল্লু অৰ্জুনে এইবাৰ সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিছে ‘পুষ্পা: দ্য ৰুল’ত ৷ অৱশ্যে তেওঁ দৃশ্যগ্ৰহণ আৰম্ভ কৰিবলৈ খৰধৰ নকৰে। আনহাতে স্ক্ৰিপ্টখনৰ অন্তিম পৰ্যায়ত উপস্থিত হৈছে ছবিখনৰ লিখক সুকুমাৰ ৷লগতে ছবিখনৰ প্ৰি-প্ৰডাকচনটোও অন্তিম পৰ্যায়ত উপনীত হৈছে। আনহাতে ‘পুষ্পা: দ্য ৰুল’ ছবিখনৰ দৃশ্যগ্ৰহণ আগষ্টৰ মাজভাগত আৰম্ভ হ’ব বুলি আশা কৰা হৈছে ৷ অহা বছৰ মুক্তি লাভ কৰিব ছবিখনে ।
জানিব পৰা মতে ছবিখনৰ নিৰ্মাতাসকলে এক বৃহৎ অ-নাট্য চুক্তি লাভ কৰিছিল যাৰ মূল্য আছিল ১০০ কোটিতকৈ অধিক। চলচ্চিত্ৰ তাৰকা আল্লু অৰ্জুনে পোনপটীয়াকৈ এই চুক্তি নাকচ কৰে আৰু তেওঁ নিৰ্মাতাসকলক প্ৰাৰম্ভিক কোনো চুক্তি বন্ধ নকৰিবলৈ অনুৰোধ জনায় ।
মিথ্ৰী চলচ্চিত্ৰ নিৰ্মাতাসকলে ‘পুষ্পা: দ্য ৰাইজ’ৰ সকলো অ-নাট্য চুক্তি আগতীয়াকৈ বন্ধ কৰি দিছিল ৷কাৰণ মুক্তিৰ ঠিক আগতে যদি চুক্তিবোৰ বন্ধ কৰা হয় তেন্তে তেওঁলোক অধিক লাভান্বিত হ’ব ।
জানিব পৰা মতে বানি আৰু তেওঁৰ দেউতাক আল্লু অৰবিন্দ ছবিখনৰ ব্যৱসায়ৰ সৈতে জড়িত হ’ব বুলিও আলোচনা হৈছে ৷ কিয়নো প্ৰথম কিস্তিৰ ব্যৱসায় ভালদৰে চম্ভালিব নোৱাৰিলে মিথ্ৰীয়ে।গোল্ডমাইন টেলিফিল্মছৰ হিন্দী নাট্য সংস্কৰণত অংশীদাৰ হিচাপে নিৰ্মাণ কৰা প্ৰথম অংশৰ হিন্দী অধিকাৰৰ সৈতে কিছু সমস্যাৰ সৃষ্টি হোৱাৰ বাবে এনে চুক্তি পৰিহাৰ কৰিবলৈ আল্লু অৰ্জুনে এইবাৰ ব্যক্তিগতভাৱে সকলো চুক্তি নিজেই চোৱাচিতা কৰিছে।