মঙলবাৰে প্ৰকাশ পালে ৯৫ সংখ্যক অস্কাৰ বঁটাৰ চূড়ান্ত মনোনয়নৰ তালিকা। অস্কাৰ বঁটাৰ বাবে এছ এছ ৰজামৌলিৰ ছবি ‘আৰ আৰ আৰ’ৰ ‘নাতু নাতু’ শীৰ্ষক গীতটিয়ে মৌলিক গীতৰ শাখাত মনোনীত হোৱাৰ পিছতেই গীতটিৰ লেখক চন্দ্ৰবোসৰ পত্নী সুচিত্ৰাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে ইয়াক লৈ তেওঁলোক সঁচাকৈয়ে আচৰিত হৈছে। তেওঁৰ মতে এখন ছবিকলৈ ইয়াতকৈ বেছি আশা কৰিবলগীয়া হয়তো আৰু একোৱেই নাই ।
স্বামী চন্দ্ৰবোসৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে তেওঁৰ স্বামীৰ এই যাত্ৰা অব্যাহত আছে আৰু তেওঁৰ লক্ষলৈ মাত্ৰ আৰু অলপ দূৰ। কীৰাৱনীয়ে গোল্ডেন গ্ল’ব বঁটা পাওঁতেও সুখী হৈছিল তেওঁলোক৷ চকুৰে চকুলো বৈ আহিল সকলোৰে ৷
নিজৰ অনুভৱ প্ৰকাশ কৰি ‘নাতু নাতু’ ৰ গীতিকাৰ গৰাকীৰ পত্নী সুচিত্ৰাই কয় যে আগতে এই ছবিখন অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাতে সীমাবদ্ধ আছিল যদিও এতিয়া বিশ্বজুৰি খ্যাতি অৰ্জন কৰিছে। স্বামী চন্দ্ৰবোসৰ গীত সন্দৰ্ভত তেওঁ কয় যে ‘আৰ আৰ আৰ’ৰ আগতেও তেওঁৰ গীতবোৰ সমগ্ৰ ভাৰততে অতি বিখ্যাত আছিল। অৱশ্যে এতিয়া সকলোৰে মুখে মুখে ‘আৰ আৰ আৰ’ৰ এই গীতটো।
সুচিত্ৰাই পূৰ্বতেই আশা কৰিছিল যে ই এখন অতি ডাঙৰ ছবি হ’ব। কাৰণ ইয়াৰ পূৰ্বে ‘পুষ্পা’ৰ ‘ও আন্তৱা মাৱা’ গীতটো সমগ্ৰ ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাইৰেল হৈ পৰিছিল। গতিকে তেওঁ ভাবিছিল যে তেওঁৰ গীতটোৱে সকলোতে স্থান পাব, কিন্তু তেওঁ কেতিয়াও ভবা নাছিল যে আৰ আৰ আৰ চিনেমাখন অস্কাৰৰ বাবে মনোনীত হ’ব। চন্দ্ৰবোসৰ পত্নী হিচাপে এতিয়া তেওঁ মাত্ৰ অপেক্ষা কৰি আছে।কিয়নো তেওঁৰ মতে পৃথিৱীৰ সকলো কথা আশা কৰিব নোৱাৰি। সেয়েহে তেওঁ মাত্ৰ প্ৰাৰ্থনাৰে অপেক্ষা কৰি আছে যেন তেওঁলোকে এই সফলতা লাভ কৰিব পাৰে ।
ইয়াৰ পূৰ্বে নাতু নাটুৱে অৰিজিনেল ছং শাখাৰ বাবে গোল্ডেন গ্ল’ব লাভ কৰিছিল। একেটা শাখাতে গীতটিয়ে ‘সমালোচকৰ পছন্দ’ বঁটাও লাভ কৰে। আনহাতে ‘সমালোচকৰ পছন্দ’ এৱাৰ্ডত এই ছবিখনে শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ সন্মানো লাভ কৰে। কোৱা হৈছে যে যদি আৰ আৰ আৰ ছবিখনে অস্কাৰ লাভ কৰে তেন্তে ভাৰতীয় চলচ্চিত্ৰ জগতৰ বাবে ই হ’ব আটাইতকৈ স্মৰণীয়, উল্লেখযোগ্য আৰু সোণালী মুহূৰ্ত।