শুকুৰবাৰে ভগৱান ভেংকটেশ্বৰৰ কল্যাণোৎসৱত অংশগ্ৰহণ কৰিবলৈ তিৰুমালা মন্দিৰত উপস্থিত হোৱা নৱবিবাহিত দম্পতী নয়নতৰা আৰু ভিগনেশ শিৱানে এক বিতৰ্কৰ সৃষ্টি কৰিছিল ৷ দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীক জোতা পিন্ধি মাদা উহ পথত খোজ কাঢ়ি থকা অৱস্থাত দেখা পোৱাৰ পিছতেই সৃষ্টি হৈছিল এই বিতৰ্কৰ । কিয়নো তেওঁ মূল মন্দিৰৰ চাৰিওফালে জোতা পিন্ধি খোজ কাঢ়ি থকা আৰু ফটোৰ বাবে প’জ দিয়াৰ ভিডিঅ’ ফুটেজ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।
টিটিডি নিয়ম অনুসৰি, উচ্চ ধৰ্মীয় গুৰুত্ব থকা মাদা ষ্ট্ৰীটত খোজ কঢ়াটো কঠোৰভাৱে নিষিদ্ধ।আনহাতে দম্পতীহালে তেওঁলোকৰ ফটোগ্ৰাফাৰসকলক লগত লৈ আন এটা নিয়মো উলংঘা কৰিছিল ৷ কাৰণ মন্দিৰটোত ব্যক্তিগত কেমেৰাৰ অনুমতি নাছিল।
মুখ্য সতৰ্কতা সুৰক্ষা বিষয়াই সংবাদ মাধ্যমৰ লোকসকলক কৈছিল যে, “নয়নতৰাক মাদা ষ্ট্ৰীটছত জোতাৰ সৈতে ঘূৰি ফুৰা দেখা গৈছিল। আমাৰ নিৰাপত্তাৰক্ষীয়ে লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। আমি চিচিটিভিত লক্ষ্য কৰিছো যে তেওঁলোকে তাত ফটোশ্বুট কৰিছিল,” ।তেওঁ লগতে কৈছিল যে টিটিডি বোৰ্ডে নিয়ম অমান্য কৰাৰ বাবে নয়নতৰা আৰু ভিগনেশ শিৱানক জাননী প্ৰদান কৰি আইনীভাৱে আগবাঢ়িব।