কেইবাখনো ছবিত অভিনয়েৰে হিন্দী ছবিজগতলৈ বিশিষ্ট বৰঙনি আগবঢ়োৱা প্ৰবীন অভিনেতা বিক্ৰম গোখলে আৰু নাই ৷ শনিবাৰে বিয়লি পুনেত ৭৭ বছৰ বয়সত মৃত্যু হয় প্ৰবীণ অভিনেতা গৰাকীৰ ৷ তেও চিকিৎসাধীন হৈ থকা চিকিৎসালয়খনৰ আনুষ্ঠানিক বিবৃতিত এইদৰে কয় – “আমি এই কথা প্ৰকাশ কৰি অত্যন্ত দুখিত যে বিশিষ্ট অভিনেতা বিক্ৰম গোখলেৰ আজি বিভিন্ন অংগ বিকলতাৰ বাবে দীননাথ মংগেশকাৰ চিকিৎসালয়ত মৃত্যু হৈছে। আমাৰ গভীৰ শোক প্ৰকাশ কৰিছো।” কিছুদিনৰ পৰা চিকিৎসালয়ত ভৰ্তি হৈ থকা অভিনেতাগৰাকী লাইফ চাপৰ্টত আছিল। বিক্ৰম গোখলেৰ মৃতদেহ বাল গন্ধৰ্ব শৱগৃহত ৰখা হ’ব ৷পৰিয়াল আৰু অনুৰাগীয়ে শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত শনিবাৰে সন্ধিয়া ৬ বজাত পুনেৰ বৈকুণ্ঠ শ্মশানত অনুষ্ঠিত হ’ব অভিনেতাগৰাকীৰ শেষকৃত্য অনুষ্ঠান। চলিত সপ্তাহৰ আৰম্ভণিতে প্ৰবীণ অভিনেতা গৰাকীৰ মৃত্যুৰ উৰাবাতৰি প্ৰচাৰ হৈছিল ৷ তেওঁৰ কন্যাই এই বাতৰি খণ্ডন কৰিছিল।
বিক্ৰম গোখলেই তেওঁৰ বিস্তৃত কেৰিয়াৰৰ সময়ছোৱাত মাৰাঠীৰ লগতে হিন্দী ছবিত অভিনয় কৰিছিল ৷ অমিতাভ বচ্চনৰ অগ্নিপথ, সঞ্জয় লীলা ভাঞ্চালীৰ হম দিল দে চুকে ছনম, মিছন মংগল, হিচকি, আইয়াৰী, বেং বেং!, দে ডানা ডান আৰু ভূল ভুলয়াৰ দৰে বহু ছবিত তেওঁ অভিনয় কৰিছিল।হম দিল দে চুকে চনমত তেওঁ ঐশ্বর্য ৰায়ৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিছিল ৷ ৪০ বছৰতকৈও অধিক সময়ৰ কেৰিয়াৰত তেওঁ কেইবাটাও টিভি শ্ব’তো অভিনয় কৰিছিল।
বিক্ৰম গোখলে ১৯৭১ চনত অমিতাভ বচ্চনৰ পাৰৱানা ছবিৰে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছিল। ২০১০ চনত মাৰাঠী ছবি অনুমতিত কৰা কামৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। মাৰাঠী ছবি ‘আঘাট’ৰ জৰিয়তেও তেওঁ পৰিচালনাৰ ক্ষেত্ৰখনত খোজ দিয়ে ৷ অভিনেতাগৰাকীক শেষবাৰৰ বাবে দেখা গৈছিল মাৰাঠী ছবি গোদাৱৰীত। চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁ নিকাম্মা নামৰ ছবিত শিল্পা শ্বেট্টী আৰু অভিমন্যু দছানীৰ সৈতে অভিনয় কৰিছিল ।