অনুৰাগীৰ বাবে বিশেষ উপহাৰ লৈ আহিছে দক্ষিণ ভাৰতৰ তাৰকা বিজয়ে ৷ শেহতীয়াকৈ অভিনেতাগৰাকীয়ে ‘খুশী’ নামৰ ৰোমান্টিক ছবিখনৰ কাম আৰম্ভ কৰাৰ পূৰ্বে এক অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰিছে । ১০০ জন অনুৰাগীক মানালী ভ্ৰমণৰ সুবিধা প্ৰদান কৰিছে ৷ কোনো ধন ব্যয় নকৰাকৈ অনুৰাগীয়ে ব্যয়বহুল ভ্ৰমণ কৰিব পাৰিব । ইনষ্টাগ্ৰামত বিজয়ে তেওঁৰ মনালী ভ্ৰমণৰ সুযোগ লাভ কৰা অনুৰাগীৰ নাম শ্বেয়াৰ কৰিছে ৷ এই তালিকাত ১০০ টা নাম আছে। অনুৰাগী সকলেও বিমানযাত্ৰাৰ ফটো শ্বেয়াৰ কৰিছে ৷
বিজয়ে ১৭ তাৰিখৰ পৰা ২০ তাৰিখলৈ অনুৰাগীসকলক মানালী ভ্ৰমণৰ ব্যৱস্থা কৰিছেলে। কিন্তু ইমান অনুৰাগীৰ মাজত ১০০ জন অনুৰাগীয়ে কিদৰে এই সুবিধা লাভ কৰিলে ৷ জানিব পৰা অনুসৰি অনুৰাগীৰ বিশাল তালিকাৰ পৰা তেওঁলোকক লটাৰীৰ জৰিয়তে নিৰ্বাচিত কৰা হৈছে ৷ অনুৰাগী সকলক বিজয়ে কয় “অতি সোনকালে আপোনালোকৰ লগত গ্ৰুপ কলত কথা পাতিম। সকলোৱে ভালদৰে ছুটী উপভোগ কৰক ।” অভিনেতাগৰাকীয়ে নিজেই কয় যে তেওঁ ইয়াৰ দ্বাৰা অতি আনন্দিত হৈছিল।
কিন্তু এয়া প্ৰথমবাৰৰ বাবে নহয়। প্ৰতি বছৰে বিজয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কিছুমান অনুৰাগীক বাছি লৈ মৰমেৰে ভৰাই তোলে। কিন্তু কেতিয়াৰ পৰা বিজয়ে অনুৰাগীৰ মন ৰাখিবলৈ আৰম্ভ কৰিলে? ইয়াৰ আৰম্ভণি হৈছিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা। সেইবাৰ বিজয়ে স্থাপত্য আৰু সূক্ষ্ম কলা বিভাগলৈ আহিছিল। তেওঁ উভতি অহাৰ লগে লগে ৫০ জন ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীয়ে তেওঁক ছ’চিয়েল মিডিয়াত অনুসৰণ কৰিবলৈ আৰম্ভ কৰে। অভিনেতাজনে সেইসকল লোকলৈ নিজৰ খৰছত ডাঙৰ ডাঙৰ উপহাৰ পঠিয়াইছিল।
আন এবছৰ বিজয়ে বৰদিনৰ আগতে খেলৰ আয়োজন কৰিলে। তাত ১০০ জন বিজয়ী ঘোষণা কৰা হয়। বিজয়ে সকলোকে ১০ হাজাৰ টকা উপহাৰ প্ৰদান কৰে । এনে বহু উদাহৰণ আছে যে য’ত ছুপাৰষ্টাৰ গৰাকীয়ে অনুৰাগীক উপহাৰ প্ৰদান কৰি আহিছে ৷