নাছাৰ বৈজ্ঞানিক সকলৰ হাতত এনে সকলো ধৰণৰ বৈজ্ঞানিক সৰঞ্জাম আছে যিয়ে তেওঁলোকক মহাকাশৰ গভীৰতম কোণবোৰলৈ যোৱাত সহায় কৰে ৷ ইতিমধ্যে এই বৈজ্ঞানিক সকলে নিৰ্মাণ কৰা শক্তিশালী দূৰবীণবোৰে আক্ষৰিক ভাৱে তেওঁলোকক সময়ত নিজৰ স্থানলৈ ঘূৰি যাবলৈ সহায় কৰাৰ লগতে ব্ৰহ্মাণ্ডত সৃষ্টি হোৱা প্ৰাচীন মহাকাশীয় বস্তুবোৰ চাবলৈকো সহায় কৰে। কিন্তু কেতিয়াবা, কেৱল পৃথিৱীত থকাৰ বাবেই পৃথিৱীৰ পৰা তেওঁলোকে কৰা এই পৰ্যৱেক্ষণবোৰে মহাকাশৰ বস্তুবোৰ এক নিৰ্দিষ্ট ধৰণে ধৰিব নোৱাৰে।
আমাৰ সৌৰজগতৰ বিৰটাকাৰ বৃহস্পতি গ্ৰহটো পৃথিৱীতকৈ সূৰ্যৰ পৰা অধিক দূৰত্বত আছে। যিহেতু বৃহস্পতিৰ কক্ষপথ পৃথিৱীৰ কক্ষপথৰ বাহিৰত অৱস্থিত আৰু সেয়ে আমি কেৱল বৃহস্পতি গ্ৰহটোৰ সন্মূখৰ ভাগ হে দেখিবলৈ পাওঁ যি সূৰ্যৰ পোহৰৰ বাবে আলোকিত হয়। বৃহস্পতিগ্ৰহৰ এটা অৰ্ধচন্দ্ৰ পৃথিৱীৰ পৰা কেতিয়াও দেখা পোৱা নাযায়।
কিন্তু এইবাৰ জুনোয়ে এই কাম সম্ভৱ কৰি তুলিলে ৷ শেহতীয়াকৈ মহাকাশত জুনো মহাকাশযানখনে বৃহস্পতি গ্ৰহটোক চিত্ৰিত কৰাত সফল হৈছে৷ এয়া নিশ্চয়কৈ নাছাৰ বৈজ্ঞানিক সকলৰ এক বৃহৎ সাফল্য ৷