শেহতীয়াকৈ বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি সংবাদমাধ্যমৰ ভুমিকাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই ৷ ৰাঁচীত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি সংবাদ মাধ্যমক কঠোৰ ভাষাৰে সমালোচনা কৰি মুখ্য ন্যায়াধীশ গৰাকীয়ে কয় যে টিভিৰ বিতৰ্ক আৰু ছ’চিয়েল মিডিয়াৰ অনানুষ্ঠানিক আদালতে দেশখনক পিছুৱাই লৈ গৈছে ৷ তেওঁ লগতে সংবাদ মাধ্যমৰ আচৰণক “পক্ষপাতমূলক” বুলিও অভিহিত কৰে ৷ চলিত মাহৰ আৰম্ভণিতে বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মাই হজৰত মহম্মদৰ ওপৰত কৰা মন্তব্যৰ ওপৰত উচ্চতম ন্যায়ালয়ে কৰা ৰায়দানক লৈ ছছিয়েল মাধ্যমত হোৱা ব্যাপক চর্চাৰ পাছত এই মন্তব্যই যথেষ্ট তাৎপৰ্য্য বহন কৰিছে ৷
ৰাঁচীত এক শৈক্ষিক অনুষ্ঠানত বক্তৃতা প্ৰদান কৰি ন্যায়াধীশ ৰমনাই কয় “চ’চিয়েল মিডিয়াত বিচাৰকৰ বিৰুদ্ধে সংগঠিত প্ৰচাৰ চলি আছে। ন্যায়াধীশসকলে তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে। কিন্তু এয়া দুৰ্বলতা বা অসহায়তা বুলি ভুল নকৰিব।” মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে কয় যে নতুন সংবাদ মাধ্যম (নিউ মিডিয়া)ৰ যথেষ্ট সম্ভাৱনা আছে যদিও সঠিক আৰু ভুল, ভাল আৰু বেয়া আৰু বাস্তৱ আৰু ভুৱাৰ মাজত পাৰ্থক্য বিচাৰি উলিওৱাৰ ক্ষেত্ৰত তেওঁলোক অক্ষম ৷
তেওঁ এই বুলিও কয় “সংবাদ মাধ্যমত চলা বিচাৰৰ যিকোনো গোচৰত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ভুমিকা থাকিব নোৱাৰে ৷ অভিজ্ঞ ন্যায়াধীশসকলেও সিদ্ধান্ত লোৱাত অসুবিধা পোৱা বহু বিষয়ত সংবাদ মাধ্যমে অনানুষ্ঠানিক আদালত চলাই থকাও আমি দেখা পাও ৷ ন্যায় প্ৰদানৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত ভুৱা তথ্য আৰু এজেণ্ডা-চালিত বিতৰ্ক গণতন্ত্ৰৰ পক্ষে ক্ষতিকাৰক বুলি প্ৰমাণিত হৈছে। সংবাদ মাধ্যমে প্ৰচাৰ কৰি থকা পক্ষপাতমূলক মতামতে গণতন্ত্ৰক দুৰ্বল কৰি তুলিছে আৰু ব্যৱস্থাটোৰ ক্ষতিসাধন কৰিছে। এই প্ৰক্ৰিয়াই ন্যায় ব্যৱস্থাৰ ৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে ৷” ন্যায়াধীশ ৰমণে লগতে কয় যে সকলো দায়বদ্ধতা অতিক্ৰম কৰি আপোনালোকে গণতন্ত্ৰক দুখোজ পিছুৱাই লৈ গৈছে।
অৱশ্যে ছপা মাধ্যমৰ এতিয়াও কিছু দায়বদ্ধতা আছে বুলি প্ৰকাশ কৰি তেওঁ কয় “যদিও ইলেক্ট্ৰনিক মিডিয়াৰ দায়বদ্ধতা শূন্, কিয়নো তেওঁলোকে যি দেখুৱায় সেয়া কিছু সময়ৰ পাছতে নোহোৱা হৈ যায় ৷ কিন্তু ইয়াতকৈও বেয়া হৈছে ছ’চিয়েল মিডিয়া।” সংবাদ মাধ্যমক আত্মনিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনাই তেওঁ কয়, “মই ইলেক্ট্ৰনিক আৰু ছ’চিয়েল মিডিয়াক দায়িত্বশীল আচৰণ কৰিবলৈ আহ্বান জনাইছো। ইলেক্ট্ৰনিক মিডিয়াই নিজৰ কণ্ঠ ব্যৱহাৰ কৰি মানুহক শিক্ষিত আৰু ৰাষ্ট্ৰক শক্তিশালী কৰা উচিত।”