বিমান পৰিচাৰিকাৰ পৰা সংস্থাৰ সঞ্চালক হোৱা গীতিকা শৰ্মাৰ আত্মহত্যাৰ সৈতে জড়িত প্ৰভাৱশালী ৰাজনৈতিক নেতা গোপাল কাণ্ডাক দোষমুক্ত কৰাৰ নিৰ্দেশ দিছে দিল্লীৰ আদালতে। গোপালৰ সংগী অৰুণা চাদ্দাকো দোষমুক্ত কৰা হৈছে।
দিল্লীস্থিত গীতিকাই গোপালৰ এম এল ডি আৰ এয়াৰলাইন্সত বিমান পৰিচাৰক হিচাপে যোগদান কছিল। পিছলৈ তেওঁ সংস্থাটোৰ সঞ্চালক হিচাপে নিযুক্তি লাভ কৰে। ২০১২ চনৰ ৫ আগষ্টত তেওঁৰ নিথৰ মৃতদেহ উত্তৰ-পশ্চিম দিল্লীৰ অশোক বিহাৰত থকা তেওঁৰ ঘৰত উদ্ধাৰ হৈছিল। এখন ‘চুইচাইড নোট’ত গীতিকাই লিখিছিল যে গোপাল কাণ্ডাৰ অহৰহ হাৰাশাস্তিৰ বাবে তেওঁ নিজৰ জীৱন শেষ কৰিবলৈ বাধ্য হৈছিল। সেই সময়ত এজন প্ৰভাৱশালী ব্যৱসায়ী গোপাল হাৰিয়ানাৰ ভূপিন্দৰ সিং হুদা চৰকাৰৰ মন্ত্ৰী আছিল। কিন্তু বিতৰ্ক আৰম্ভ হোৱাৰ পিছতে গোপালে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিবলগীয়া হয়।
হাৰিয়ানাৰ লোক জনহিত পাৰ্টিৰ নেতা তথা ছিৰছাৰ বিধায়ক গোপাল কাণ্ডাক মঙলবাৰে দিল্লীৰ ৰাউছ এভিনিউ আদালতে দোষমুক্ত কৰে। ইয়াৰ উপৰিও আদালতে গোপালৰ সহযোগী অৰুণাকো দোষমুক্ত কৰে। অৱশ্যে আদালতে গোপালক ব্যক্তিগত বণ্ড হিচাপে ১ লাখ টকা জমা দিব লাগিব বুলি উল্লেখ কৰে।
আশা কৰা মতে, আদালতৰ ৰায়ত সুখী নহয় গীতিকাৰ ভাতৃ অংকিত। গোপাল কাণ্ডাই কয়, “মোৰ বিৰুদ্ধে কোনো প্ৰমাণ নাছিল। এই গোচৰটো মোক বদনাম কৰিবলৈ বনোৱা হৈছিল। আদালতৰ আজিৰ ৰায়দানত স্পষ্ট হৈ পৰিছে।“