শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা যোগ্যতামূলক পৰীক্ষা ‘টেট’ত গ্ৰেচ মার্ক প্ৰদানৰ ব্যৱস্থাক অবৈধ আখ্যা দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ এই সন্দর্ভত দাখিল কৰা কেইবাখনো আৱেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ ‘টেট’ত গ্ৰেচ মার্ক প্ৰদান ব্যৱস্থা গ্ৰহণযোগ্য নহয় বুলি প্ৰকাশ কৰিছে ৷ কেইবাটায়ো কাৰণ বিবেচনা কৰি উচ্চ ন্যায়ালয়ে এই নির্দেশ প্ৰদান কৰিছে ৷ হাইস্কুলসমূহত শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা টেটৰ ফলাফল ২০২০ বর্ষৰ ৪ মার্চত ঘোষণা কৰা হৈছিল ৷ এই পৰীক্ষাত ৫,৩২৫ জন পৰীক্ষার্থীক গ্ৰেচ মার্ক দি উত্তীর্ণ কৰোৱা হয় ৷ ইয়াৰ পাচতে ৰাজ্য চৰকাৰে ৫,৭৪৬ টা শিক্ষক পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে ৷ কিন্তু নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগে লগে একাংশ প্ৰার্থীয়ে গুৱাহাটী উচ্চ ন্যায়লয়ত গোচৰ ৰুজু কৰে ৷ এই গোচৰসমূহৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়লয়ে গোচৰটো নিষ্পত্তি নোহোৱা পর্যন্ত গ্ৰেচ মার্ক লাভ কৰা আৰু মেধাৰ তালিকাত স্থান লাভ কৰা প্ৰার্থীসকলক নিযুক্তি প্ৰদান কৰিবলৈ বাধা আৰোপ কৰে ৷ যাৰ ভিত্তিত যোৱা ৪ এপ্ৰিলত শিক্ষা বিভাগে এই প্ৰার্থীসকলৰ নাম বাদ দিবলৈ নির্দেশ দিয়ে ৷ এনেদৰে মেধাৰ তালিকাৰ পৰা বাদ পৰা প্ৰার্থীৰ সংখ্যা ১৩৮১ জন বুলি জানিব পৰা গৈছে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰেচ মার্ক প্ৰদান ব্যৱস্থাক নাকচ কৰাৰ লগে লগে এই প্ৰার্থীসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ৷