দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত অধিক কঠোৰ হৈ পৰিছে দেশৰ সর্বোচ্চ ন্যায়ালয় । চৰকাৰী কর্মচাৰীৰ বিৰুদ্ধে উৎকোচ লোৱা বা আন কোনো দুৰ্নীতিৰ লগত জড়িত হোৱাৰ প্ৰাথমিক প্ৰমাণ থাকিলেই চৰকাৰী কর্মচাৰীজনক দোষী সাব্যস্ত কৰিব পৰা যাব! উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিছে এই ৰায়।
পাঁচজনীয়া সংবিধান বিচাৰপীঠে এই সন্দর্ভত এটা গোচৰৰ শুনানি গ্ৰহণ কৰি কয় যে আদালতে কোনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়াক উৎকোচ বিচৰা আৰু গ্ৰহণ কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰিব পাৰে। অভিযোগকাৰীয়ে উৎকোচৰ অভিযোগ প্ৰত্যাহাৰ কৰিলেও আন সাক্ষীৰ সাক্ষ্যৰ ভিত্তিত চৰকাৰী কর্মচাৰীক দোষী সাব্যস্ত কৰিব পাৰি।
উচ্চতম ন্যায়ালয়ে লক্ষ্য কৰিছিল যে, বহু ক্ষেত্ৰত চৰকাৰী কর্মচাৰীৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হয়, কিন্তু পিছত অভিযোগকাৰীয়ে নিজৰ বক্তব্য সলনি কৰে বা অভিযোগ প্ৰত্যাহাৰ কৰে। বহু ক্ষেত্ৰত গোচৰৰ কালছোৱাত অভিযোগকাৰীৰ মৃত্যু হয়। ফলত প্ৰমাণৰ অভাৱত অভিযুক্ত ৰাজহুৱা সেৱাৰ কর্মচাৰীজনক আদালতে দোষমুক্ত কৰিবলৈ বাধ্য হয়। উৎকোচ প্ৰমাণ কৰাটো কঠিন। সেইবাবেই উচ্চতম ন্যায়ালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও কয় সাংবিধানিক বিচাৰপীঠে।
ন্যায়াধীশ এছ আব্দুল নাজিৰ, ন্যায়াধীশ বি আৰ গাভাই, ন্যায়াধীশ এ এছ বোপান্না, ন্যায়াধীশ ভি ৰামাসুব্ৰহ্মণ্যম আৰু ন্যায়াধীশ বি ভি নাগাৰথনাৰৰ বিচাৰপীঠে কয় যে প্ৰত্যক্ষ মৌখিক বা তথ্যচিত্ৰ প্ৰমাণ নাথাকিলেও অভিযুক্তক উৎকোচ বিচৰা আৰু গ্ৰহণ কৰাৰ প্ৰাথমিক প্ৰমাণত দোষী সাব্যস্ত কৰিব পৰা যাব ৷