নাগৰিকত্ব সংশোধনী আইন(কা) বিৰোধী আন্দোলনৰ সময়ত ৰাজহুৱা সম্পত্তিৰ ক্ষতিগ্ৰস্ত কৰাৰ বাবে প্ৰতিবাদকাৰীৰ পৰা লোৱা কোটি কোটি টকা ওভতাই দিব লাগিব যোগী আদিত্যনাথ চৰকাৰে ৷ প্ৰতিবাদকাৰীৰ পৰা লোৱা এই বৃহৎ পৰিমাণৰ ধন ওভতাই দিবলৈ উত্তৰ প্ৰদেশ চৰকাৰক নির্দেশ দিছে উচ্চতম ন্যায়ালয়ে ৷ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ সূৰ্য কান্তৰ খণ্ড বিচাৰপীঠে ৰাজ্য চৰকাৰে অভিযুক্ত প্ৰতিবাদকাৰীসকলৰ পৰা আদায় কৰা কোটি কোটি টকাৰ সমগ্ৰ পৰিমাণ ওভতাই দিবলৈ নির্দেশ প্ৰদান কৰিছে । অৱশ্যে, বিচাৰপীঠখনে ৰাজ্য চৰকাৰক নতুনকৈ বলবৎ কৰা উত্তৰ প্ৰদেশ ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তিৰ ক্ষতি পূৰণ আইনৰ অধীনত প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত স্বাধীনতা প্ৰদান কৰে ৷ আজি অনুষ্ঠিত শুনানিৰ সময়তে যোগী আদিত্যনাথ চৰকাৰে দাখিল কৰা তথ্য অনুসৰি ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তিৰ ক্ষতিৰ বাবে ২০১৯ চনত ‘কা’ বিৰোধী প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে জাৰি কৰা ২৭৪ খন জাননী প্ৰত্যাহাৰ কৰিছে ৷
প্ৰতিবাদকাৰীসকলক ৰাজ্য চৰকাৰে ধন ওভতাই দিয়াৰ নিৰ্দেশ দিয়াৰ পৰিৱৰ্তে গোচৰটো ন্যায়াধিকৰণলৈ স্থানান্তৰৰ বাবে অতিৰিক্ত অধিবক্তা জেনেৰেল গৰিমা প্ৰসাদে বিচৰা অনুমতি প্ৰদান কৰিবলৈ বিচাৰপীঠখনে অমান্তি প্ৰকাশ কৰে ৷ যোৱা ১১ ফেব্ৰুৱাৰীত ২০১৯ চনৰ ডিচেম্বৰত ‘কা’বিৰোধী প্ৰতিবাদকাৰীসকলক জাৰি কৰা জাননী প্ৰদান কৰা বিষয়ত হস্তক্ষেপ কৰিছিল উচ্চতম ন্যায়ালয়ে ৷ এই জাননী প্ৰত্যাহাৰ কৰাৰ চূড়ান্ত সুযোগ দিছিল ন্যায়ালয়ে ৷ সর্বোচ্চ ন্যায়ালয়ে উত্তৰ প্ৰদেশত ‘কা’ বিৰোধী আন্দোলনৰ সময়ত ৰাজহুৱা সম্পত্তিৰ ক্ষতিৰ ফলত হোৱা লোকচান পুনৰুদ্ধাৰৰ বাবে জিলা প্ৰশাসনৰ দ্বাৰা অভিযুক্ত প্ৰতিবাদকাৰীসকললৈ প্ৰেৰণ কৰা জাননী বাতিল কৰিবলৈ পাৰৱাইজ আৰিফ টিটু নামৰ লোকজনে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে ৰাজ্যখনক উত্তৰ প্ৰদান কৰিবলৈ নির্দেশ দিছিল ৷ আবেদনত কোৱা হৈছিল যে এনে জাননী ছয় বছৰ আগতে ৯৪ বছৰ বয়সত মৃত্যু হোৱা এজন ব্যক্তিলৈয়ো প্ৰেৰণ কৰা হৈছিল ৷ জাননী লাভ কৰাসকলৰ ভিতৰত আছে ৯০ বছৰৰ অধিক বয়সৰ দুজন লোকো।