অসমসহ চাৰি ৰাজ্যৰ বিধানসভা আৰু সংসদীয় সমষ্টিৰ সীমা পুণৰ নির্ধাৰণক লৈ দেশৰ সর্বোচ্চ ন্যায়ালয়ত ৰুজু হৈছে গোচৰ ৷ অসম ,অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু নাগালেণ্ডৰ সমষ্টিসমূহৰ সীমা পুণৰ নির্ধাৰণক লৈ ৰুজু হৈছে এই গোচৰ ৷ উচ্চতম ন্যায়ালয়ে সোমবাৰে এক গোচৰৰ শুনানি গ্ৰহণ কৰি কেন্দ্ৰ , ৰাজ্য চৰকাৰ ,নির্বাচন আয়োগসহ অন্যান্য পক্ষসমূলৈ জাননী জাৰি কৰে ৷আবেদনকাৰীক প্ৰতিনিধিত্ব কৰা অধিবক্তাই সমষ্টিসমূহৰ সীমা পুনৰ নির্ধাৰণৰ বাবে ২০২০ চনৰ ২৮ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিৰ নিৰ্দেশৰ কথা উল্লেখ কৰে ৷ এই নির্দেশৰ জৰিয়তে ৰাষ্ট্ৰপতিয়ে উত্তৰ-পূর্বাঞ্চলৰ চাৰিখন ৰাজ্যত সীমা নিৰ্ধাৰণৰ কচৰৎ চলোৱাৰ অনুমতি দিছিল ৷ তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে ২০২০ চনৰ মাৰ্চ মাহত সীমা নিৰ্ধাৰণ আয়োগ গঠন কৰিবলৈ অধিসূচনা জাৰি কৰিছিল।অধিবক্তাজনে এইবুলিও কয় যে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ লগতে অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু নাগালেণ্ডতো বিধানসভা আৰু সংসদীয় সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণৰ উদ্দেশ্যে আয়োগ গঠন কৰা হৈছে ৷ কিন্তু আয়োগৰ অনুশীলন কেৱল জম্মু-কাশ্মীৰতে সীমাবদ্ধ কৰি ৰখা হৈছে ৷
শুনানিৰ পিছত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ, নির্বাচন আয়োগ আদিৰ পৰা সঁহাৰি বিচৰাৰ উপৰি আবেদনকাৰীক উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ষ্টেণ্ডিং অধিবক্তাসকললৈ আবেদন প্ৰেৰণৰ অনুমতি প্ৰদান কৰে ৷
অধিবক্তা গাইচাংপৌ গাংমেইৰ জৰিয়তে দাখিল কৰা আবেদনখনত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ আৰু নাগালেণ্ড ৰাজ্যৰ সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ অস্বীকাৰ কৰাটো অন্যায়, অযুক্তিকৰ আৰু অবৈধ বুলি উল্লেখ কৰা হৈছে। উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ আৰু নাগালেণ্ড ৰাজ্যৰ বাবে সীমা নিৰ্ধাৰণ দাবী সমিতিয়ে এই আবেদন দাখিল কৰিছে।
আবেদনখনত অভিযোগ কৰা অনুসৰি ২০০২ চনত সীমা নিৰ্ধাৰণ আইন সংশোধন হোৱাৰ ইতিমধ্যে দুটা দশক অতিক্ৰম কৰাৰ পাছতো আইন-শৃংখলাজনিত সমস্যা উদ্ভৱ হোৱাৰ আশংকা কৰি উত্তৰ-পূবৰ চাৰিখন ৰাজ্য অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ আৰু নাগালেণ্ডত সমষ্টিসমূহৰ পুনৰ নির্ধাৰণ কৰা হোৱা নাই ৷