দেশৰ নির্বাচনী আয়োগত ব্যাপক সংশোধনৰ পক্ষত কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে ৷ সংবিধানে মুখ্য নিৰ্বাচন আয়ুক্তৰ “কান্ধ”ত বিপুল ক্ষমতা প্ৰদান কৰিছে আৰু এই পদত “শক্তিশালী কোনোবা ব্যক্তিক” নিযুক্তি দিয়াটো গুৰুত্বপূৰ্ণ বুলি উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰিছে।
মঙলবাৰে আদালতে কয় যে বাস্তৱ পৰিস্থিতি উদ্বেগজনক আৰু ১৯৯০ চনৰ পৰা ১৯৯৬ চনলৈকে নির্বাচন আয়োগত মুৰব্বী হিচাপে গুৰুত্বপূৰ্ণ নিৰ্বাচনী সংস্কাৰ অনাৰ বাবে প্ৰয়াত টি এন ছেছানৰ দৰে ব্যক্তিৰ প্ৰয়োজন ৷
ন্যায়াধীশ কে এম যোচেফৰ নেতৃত্বত পাঁচজনীয়া সংবিধান বিচাৰপীঠে নিৰ্বাচনী আয়ুক্ত নিযুক্তি ব্যৱস্থাৰ সংস্কাৰ বিচৰা আবেদনৰ শুনানি গ্ৰহণ কৰি এনেদৰে কয় ৷
ন্যায়াধীশ অজয় ৰাস্তোগী, অনিৰুদ্ধ বসু, হৃষিকেশ ৰায় আৰু চি টি ৰবিকুমাৰেৰে গঠিত বিচাৰপীঠখনে কয় যে তেওঁলোকে এনে ব্যৱস্থা স্থাপনক কৰিবলৈ প্ৰচেষ্টা কৰিব ৷
ন্যায়ালয়ে কয় “বহু ব্যক্তি মুখ্য নির্বাচনী আয়ুক্ত হৈছে আৰু টি এন ছেছানৰ দৰে ব্যক্তি এবাৰহে পাও । আমি নিবিচাৰো তেওঁক কোনেও অপসাৰণ কৰক ৷ তিনিজন ব্যক্তি (মুখ্য নির্বাচনী আয়ুক্ত আৰু দুজন নিৰ্বাচনী আয়ুক্ত)ৰ কান্ধত বিশাল ক্ষমতা নিহিত কৰা হৈছে। আমি মুখ্য নির্বাচনী আয়ুক্ত পদৰ বাবে শ্ৰেষ্ঠ জনক বিচাৰিব লাগিব।” কেন্দ্ৰৰ হৈ উপস্থিত থকা এটৰ্নী জেনেৰেল আৰ ভেংকটাৰমণে কয় যে শক্তিশালী ব্যক্তি এজনক মুখ্য নির্বাচনী বিষয়া হিচাপে নিযুক্তি দিবলৈ উপযুক্ত ব্যৱস্থা আছে ৷
চৰকাৰৰ অধিবক্তাই কয় যে চৰকাৰে শ্ৰেষ্ঠ ব্যক্তি নিযুক্তিৰ বিৰোধিতা নকৰে ৷ কিন্তু প্ৰশ্ন হয় যে কেনেকৈ তেনে ব্যক্তি বাচনি কৰিব পাৰি। সংবিধানত কোনো সুৰুঙা নাই ৷ বৰ্তমান মন্ত্ৰী পৰিষদৰ পৰামৰ্শৰ ভিত্তিত ৰাষ্ট্ৰপতিয়ে নিৰ্বাচন আয়ুক্ত নিযুক্তি দিয়ে।
বিচাৰপীঠখনে কয় যে ১৯৯০ চনৰ পৰা বিজেপিৰ প্ৰবীণ নেতা এল কে আদৱানীকে ধৰি কেইবাটাও দল-সংগঠনে নিৰ্বাচন আয়োগকে ধৰি সাংবিধানিক সংস্থাসমূহত নিযুক্তিৰ বাবে কলেজিয়ামৰ দৰে ব্যৱস্থাৰ আহ্বান জনাইছে।
বিচাৰপীঠখনে কয় “গণতন্ত্ৰ সংবিধানৰ এটা মৌলিক গাঁথনি। তাৰ ওপৰত কোনো বিতৰ্ক নাই। আমিও সংসদক কিবা এটা কৰিবলৈ ক’ব নোৱাৰো আৰু আমি তেনেকুৱা নকৰো। আমি মাত্ৰ ১৯৯০ চনৰ পৰা উত্থাপন হোৱা বিষয়টোৰ ওপৰত কিবা এটা কৰিব বিচাৰো। বাস্তৱ পৰিস্থিতি উদ্বেগজনক। আমি জানো যে শাসকীয় দলে আমাক বৰ্তমানৰ ব্যৱস্থা অতিক্ৰম কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব ৷ “
আদালতে আঙুলিয়াই দিয়ে যে ২০০৪ চনৰ পৰা কোনো মুখ্য নির্বাচনী আয়ুক্তই ছবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰা নাই। ইউ পি এৰ দহ বছৰীয়া শাসনকালত ছজন মুখ্য নির্বাচনী আয়ুক্ত আছিল ৷ এন ডি এৰ আঠ বছৰত ৮ জনক দায়িত্ব দিয়া হৈছে ৷”
কেন্দ্ৰই মুখ্য নির্বাচনী আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্ত নিৰ্বাচনৰ বাবে কলেজিয়ামৰ দৰে ব্যৱস্থা বিচাৰি দাখিল কৰা আবেদনৰ তীব্ৰ বিৰোধিতা কৰিছে ৷