আমেৰিকাৰ ফ্ল’ৰিডাত বাস কৰা ২৮ বছৰীয়া যুৱতী ষ্টেফানী জেৰমিনো, যাৰ নাই স্তনযুগল। কেন্সাৰ নাইবা আন কোনো ৰোগ নথকা স্বত্বেও তেওঁ কাটি আঁতৰাই পেলালে নিজৰ স্তনযুগল ।কৰ্কট ৰোগৰ ভয়ত ষ্টেফানীয়ে এই সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে ।কিয়নো ষ্টেফানীৰ পৰিয়ালত স্তন কেন্সাৰৰ এক ইতিহাস আছে। ১৫ বছৰ বয়সৰ পৰাই ষ্টেফানীয়ে জানিছিল যে তেওঁৰ স্তন কেন্সাৰ হ’ব পাৰে। যুৱতীগৰাকীৰ ২৭ বছৰ হোৱাৰ পিছত দেখা গ’ল যে তেওঁৰ বি.আৰ.চি.এ১(BRCA1) জিনত মিউটেচন হৈছে। উল্লেখনীয় যে ষ্টেফানীৰ আইতাক আৰু মাকৰো বি.আৰ.চি.এ১( BRCA1) জিনত মিউটেচন হৈছিল।
স্তন কেন্সাৰৰ সৈতে জড়িত জিন হ’ল বি.আৰ.চি.এ১ (BRCA1) আৰু বি.আৰ.চি.এ২ (BRCA2)
সকলো মহিলাৰ শৰীৰতে জিন থাকে কিন্তু এই জিনত মিউটেচন হোৱা মহিলাসকলৰ স্তন কেন্সাৰ হোৱাৰ আশংকা থাকে। ২৮ বছৰীয়া ষ্টেফানীয়ে যেতিয়া নিজৰ জিন মিউটেচনৰ বিষয়ে জানিব পাৰিছিল, তেতিয়ালৈকে তেওঁ ইতিমধ্যে এজন পুত্ৰৰ মাতৃ হৈ পৰিছিল। কেন্সাৰৰ ভয়ত সেয়েহে ষ্টেফানীয়ে অস্ত্ৰোপচাৰৰ সহায়ত দুয়োটা স্তন আঁতৰাই পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
অৱশ্যে স্তন অস্ত্ৰোপচাৰৰ পিছত বহু মহিলাই স্তন ইমপ্লাণ্ট কৰে যাতে তেওঁক আগৰ দৰেই দেখা যায়। কিন্তু ষ্টেফানীয়ে তেনে কৰা নাছিল। স্তন নোহোৱাকৈ জীয়াই থকাৰ সিদ্ধান্ত ল’লে ফ্ল’ৰিডাত বাস কৰা এই যুৱতী গৰাকীয়ে । এই সন্দৰ্ভত ষ্টেফানীয়ে কয় যে পুত্ৰক অমৃত সুধা পান কৰাই তেওঁৰ শৰীৰৰ এই অংগই নিজৰ উদ্দেশ্য পূৰণ কৰিছিল সেয়েহে এতিয়া তেওঁৰ বুকুখন চেপেটা হ’লেও আপত্তি নাই।
উল্লেখযোগ্য যে পুৰুষ আৰু মহিলা উভয়ৰে স্তন কেন্সাৰ হ’ব পাৰে যদিও মহিলাৰ ক্ষেত্ৰত ই বেছিকৈ হোৱা দেখা যায়। কাৰণ মহিলাৰ ক্ষেত্ৰত স্তনৰ কোষবোৰ অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি পায়। মানৱ শৰীৰৰ বিশেষকৈ নাৰীৰ শৰীৰৰ এটি গুৰুত্বপূৰ্ণ অংগ স্তন মূল তিনিটা অংশৰে গঠিত: লোবুল, নলী আৰু সংযোগী কলা। এইবোৰৰ যিকোনো এটা অংশতে কৰ্কট কোষ গঠন হ’ব পাৰে। অৱশ্যে স্তন কেন্সাৰ ৰোগীৰ জীয়াই থকাৰ হাৰ অন্যান্য কেন্সাৰৰ তুলনাত বৃদ্ধি পাইছে আৰু এই ৰোগৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাইছে।