গৰমৰ দিন অহাৰ লগে লগে ৰ’দ চোকা হ’বলৈ আৰম্ভ কৰে। কিন্তু ঘৰৰ পৰা ওলাই নোযোৱাকৈ থাকিব নোৱাৰি। দিনত স্কুল, কলেজ, বজাৰ যি ঠাইলৈ নাযাওক কিয়, ৰ’দ লাগিবই ৷ৰ’দত কেৱল মুখখন বা হাতখনেই নহয়, ভৰিখনো বিবর্ণ হৈ পৰে। ভৰিৰ পৰা ৰ’দত পোৰা সহজে আতৰাবলৈ কিছুমান ঘৰুৱা উপায় আগবঢ়োৱা হ’ল।
ভৰিৰ পৰা ৰ’দত পোৰা দাগ আঁতৰাবলৈ ঘৰুৱা কিদৰে পেক বনাব?
১) কেঁচা হালধি: ১ চামুচ
২) মচুৰ দাইল গুড়ি বা বেছন: ১ চামুচ
৩) টেঙা দৈঃ ১ চামুচ
৪)নেমুৰ ৰসঃ ১ চামুচ
৫) মৌঃ ১ চামুচ
প্ৰথমে এটা বাটিত সকলো উপাদান লৈ ভালদৰে মিহলাই লওক। গা ধোৱাৰ আগতে দুয়ো ভৰিত লগাব । কিন্তু সাৱধান হওক যাতে ই সম্পূৰ্ণৰূপে শুকাই নাযায়। আধা শুকান হ’লেহে পানীৰে ধুব লাগে। ইয়াৰ পিছত বাহিৰলৈ ওলাই যাব বিচাৰিলে ছানস্ক্ৰীণ লগাবলৈ নাপাহৰিব।