সাধাৰণতে শিশুৰ দাঁত ছয়ৰ পৰা ন মাহৰ ভিতৰত ফুটি উঠে। এই সময়ত হাতত যি পায় তাক কামোৰাৰ প্ৰৱণতা দেখা যায়। ইয়াৰ বাহিৰেও দাঁত ওলোৱাৰ সময়ৰ পৰাই শিশুৰ দাঁতৰ আলুৰ বিভিন্ন সমস্যা হ’ব পাৰে। কিছুমানৰ বিষ হয়। অত্যন্ত বিষৰ বাবে শিশুৱে সকলো সময়তে কান্দি থাকে । একোৱেই সুস্থ অনুভৱ নকৰে। বহুতৰে ভোক নাইকিয়া হয়। পেটৰ বিষ, জ্বৰ বা বমি হ’ব পাৰে।
শিশুৰ নতুন দাঁত গজে কিয় এনে সমস্যা হয়?
প্ৰায় সকলো শিশুৱে দাঁত ওলোৱাৰ সময়ত দাঁতৰ আলুত বিষ অনুভৱ কৰে। কিন্তু সকলোৰে বিষ সহনশীলতা একে নহয়। অত্যধিক বিষ হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
এই সমস্যাৰ পৰা মুক্তি পাবলৈ কি কৰিব?
১) চোবাব পৰা খেলনা দিব
এই সময়ছোৱাত শিশুৰ কামোৰাৰ প্ৰৱণতা বৃদ্ধি পায়। নিয়ন্ত্ৰণ কৰিবলৈ চিকিৎসকৰ পৰামৰ্শ অনুসৰি চোবাব পৰা খেলনা শিশুক দিব লাগে। ইয়াৰ ফলত দাঁতৰ কোনো ক্ষতি নহয়। পৰিবেশনৰ আগতে ফ্ৰীজত ঠাণ্ডা কৰি ল’ব পাৰে। ই কেঁচুৱাটোক আৰামদায়ক কৰি তুলিব।
২) ঠাণ্ডা পানীত তিয়াই থোৱা কাপোৰ
যদি খেলনা দিব নিবিচাৰে তেন্তে পৰিষ্কাৰ কপাহী কাপোৰ এখন পানীত তিয়াই ফ্ৰীজত থৈ ঠাণ্ডা হ’ব দিব । যদি শিশুটিৰ আলুৰ বিষ হৈছে বা কিবা কামুৰিব বিচাৰে তেন্তে ফ্ৰীজৰ পৰা উলিয়াই সেই কাপোৰখন দিব পাৰে ৷শিশুৱে কম অস্বস্তি অনুভৱ কৰিব আৰু আৰাম অনুভৱ কৰিব।
৩) শিশুৰ ব্ৰাছ
শিশুৰ বাবে কোমল ব্ৰিষ্টলযুক্ত টুথব্ৰাছ উপলব্ধ। শিশুক চোবাবলৈও তেনে ব্ৰাছ দিব পাৰে।