ঘৰুৱা ঔষধৰ বাহিৰেও চুলিৰ যত্নৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ তিনিটা প্ৰসাধন সামগ্ৰী হ’ল তেল, চেম্পু আৰু কণ্ডিচনাৰ। ডাক্তৰৰ পৰা আৰম্ভ কৰি বিউটিচিয়ানলৈকে সকলোৱে ৰাসায়নিক মুক্ত প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে। নামী ব্ৰেণ্ড হওক বা সাধাৰণ চেম্পু হওক, বেছিভাগ ক্ষেত্ৰতে ৰাসায়নিক পদাৰ্থ থাকে। বিশেষকৈ চেম্পুত ছালফেটৰ ব্যৱহাৰৰ বিষয়ে বহুতৰে মতামত বেলেগ বেলেগ। কিছুমানৰ মতে এই যৌগটোৱে চুলি বা মূৰৰ ছাল অত্যধিক শুকান কৰি তোলে। একাংশৰ মতে মূৰৰ ছালত জমা হোৱা ধূলি পৰিষ্কাৰ কৰিবলৈ ছালফেট অতি গুৰুত্বপূৰ্ণ। কিন্তু এই যৌগটো কিয় শ্বেম্পুত দিয়া হয় জানেনে?
এই ছালফেট কি?
কেৱল শ্বেম্পু নহয়, যিকোনো চাফাই সামগ্ৰীত এই যৌগ থাকে। ‘ছডিয়াম ল’ৰিল ছালফেট’ আৰু ‘ছডিয়াম ল’ৰেথ ছালফেট’ হৈছে চেম্পুত সাধাৰণতে ব্যৱহাৰ কৰা দুবিধ ছালফেট। বাহ্যিক ধূলি আৰু প্ৰদূষণৰ লগতে মূৰৰ ছালৰ পৰা প্ৰাকৃতিকভাৱে নিৰ্গত হোৱা তেলে মূৰৰ ছালৰ ক্ষতি কৰে। যদি শ্বেম্পু কৰাৰ সময়ত মূৰত ফেন কম হয়, তেন্তে বুজিব লাগে যে চেম্পুত যথেষ্ট পৰিমাণৰ ‘এছ এল এছ’ থাকে।
এনে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰৰ পৰা কোন বিৰত থাকিব লাগে?
যদিও ই মূৰৰ ছালখন অতি ভালদৰে পৰিষ্কাৰ কৰিব পাৰে, তথাপিও এই ছালফেটে সংবেদনশীল ছালৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। ‘আমেৰিকান একাডেমী অৱ ডাৰ্মেট’লজী’ৰ তথ্য অনুসৰি যদি কাৰোবাৰ পূৰ্বৰ যিকোনো ধৰণৰ ছালৰ এলাৰ্জীৰ ইতিহাস আছে তেন্তে তেওঁলোকে এনে প্ৰসাধন সামগ্ৰী ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগে। লগতে যিবোৰ প্ৰসাধন সামগ্ৰীৰ গোন্ধ প্ৰবল আৰু ‘আলফা-হাইড্ৰক্সি এচিড’ থাকে সেইবোৰ ব্যৱহাৰ কৰাটো ভাল। ছালৰ ফোহা, খজুৱতি, ৰঙা পৰা বা যিকোনো সংক্ৰমণ হ’লে এই ৰাসায়নিক ভিত্তিক প্ৰসাধন সামগ্ৰী ব্যৱহাৰ নকৰিব। ছালফেট মুক্ত শ্বেম্পু ব্যয়বহুল যদিও ছালৰ বাবে ভাল।