ক’ভিড মহামাৰীৰ পিছত জীৱনশৈলীৰ ভয়াৱহ পৰিৱৰ্তনৰ লগে লগে শিশুৰ স্বাভাৱিক উচ্চতা বৃদ্ধিৰ সমস্যাই দেখা দিছে ৷ সাধাৰণতে শিশুৰ বৃদ্ধি বছৰি ৬ৰ পৰা ৭ চেণ্টিমিটাৰ পর্যন্ত হ’ব লাগে ৷ এটি শিশু কিমান ওখ হ’ব সেয়া বহু পৰিমাণে নিৰ্ভৰ কৰে এজনৰ জেনেটিক্সৰ ওপৰত। কিন্তু যিসকলৰ এই জিনীয় সুবিধা নাই, তেওঁলোকে অতিৰিক্ত কষ্ট কৰিবলগীয়া হয়। কিন্তু কঠোৰ পৰিশ্ৰমৰ পিছতো যদি ফলাফল পোৱা নাযায় তেন্তে পিতৃ-মাতৃ চিন্তিত হৈ পৰে। চিকিৎসক আৰু পুষ্টিবিদসকলৰ মতে উচ্চতা বৃদ্ধিৰ বাবে শাৰীৰিক ব্যায়ামৰ লগতে পুষ্টিকৰ খাদ্যও প্ৰয়োজনীয়। যদি সঠিক বয়সত শৰীৰত পৰ্যাপ্ত পৰিমাণৰ পুষ্টি নাথাকে, তেন্তে খেলা-ধূলা বা ব্যায়াম কৰিলেও সুফল লাভ কৰিব নোৱাৰিব ৷ কি কি খাদ্য আপুনি নিতৌ শিশুক খুৱাব লাগে জানেনে ?
১) সেউজীয়া শাক-পাচলিঃ সতেজ শাক-পাচলি পুষ্টিকৰ উপাদানৰে ভৰপূৰ। উচ্চতা বৃদ্ধিৰ লগে লগে হাড়ৰ শক্তি অতি গুৰুত্বপূৰ্ণ। যিকোনো ধৰণৰ পাচলিয়ে হাড়ৰ ঘনত্ব বৃদ্ধি কৰাত সহায় কৰে।
২) ব্ৰকলিঃব্ৰকলিয়ে মগজুৰ গঠন আৰু শৰীৰৰ সামগ্ৰিক বৃদ্ধিৰ লগত জড়িত সকলো হৰম’নৰ ভাৰসাম্য নিয়ন্ত্ৰণ কৰিব পাৰে।
৩) বীনঃপ্ৰটিন, আঁহ, মেগনেছিয়াম, আইৰণ আৰু পটাছিয়ামযুক্ত বীন শিশুৰ বাবে অতি উপকাৰী। প্ৰতিদিনে বীনেৰে তৈয়াৰী বিভিন্ন বস্তু মেনুত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰক।
৪) কণীঃশিশুৰ সামগ্ৰিক বিকাশত প্ৰটিন, কলিন, ফেটি এচিডৰ যথেষ্ট গুৰুত্ব আছে। এই সকলোবোৰ যৌগ কণীত পোৱা যায়। পুষ্টিবিদসকলৰ মতে প্ৰতিদিনে ৪টা কণী খোৱাটো শিশুৰ বাবে ক্ষতিকাৰক নহয় ৷ ই উপকাৰীহে।
৫) গাখীৰঃহাড়ৰ ঘনত্ব বৃদ্ধিৰ বাবে গাখীৰৰ বিকল্প নাই। গাখীৰত থকা কেলচিয়ামৰ পৰিমাণ সাধাৰণতে আন কোনো বস্তুত পোৱা নাযায়। গতিকে শিশুটিৰ যদি গাখীৰৰ পৰা কোনো সমস্যা নাই, তেন্তে প্ৰতিদিনে গাখীৰ খুৱাব লাগে।
৬) বিলাহীঃআঁহ আৰু ভিটামিন এ সমৃদ্ধ বিলাহীয়ে শিশুৰ চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে। লগতে ওখ হোৱাত সহায় কৰে।
৭) মাংসঃবাহিৰত প্ৰচেছড মাংসৰ সামগ্ৰী খোৱাৰ পৰিৱৰ্তে পুষ্টিবিদসকলে ঘৰতে বনোৱা কুকুৰাৰ মাংসৰ সামগ্ৰী খোৱাৰ পৰামৰ্শ দিয়ে। কুকুৰাৰ মাংসত প্ৰটিন আৰু ভিটামিন বি ১২ থাকে। শিশুৰ শাৰীৰিক গঠন উন্নত কৰাত সহায়ক হয়।