বয়সৰ লগে লগে শৰীৰৰ বিপাকীয় হাৰ তুলনামূলকভাৱে কমি যায়। গতিকে হঠাৎ ওজন বৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি পায় ৷ অতিৰিক্ত ওজনৰ বাবে শৰীৰৰ বিভিন্ন অংশত অতিৰিক্ত চাপ পৰে। ফলত হৃদৰোগ আৰু বৃক্কৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ বাহিৰেও ওজন বৃদ্ধি হ’লে কলেষ্টেৰল আৰু উচ্চ ৰক্তচাপৰ সমস্যাৰ সৃষ্টি হয় । যাৰ বাবে ৪০ বছৰ বয়সৰ পিছতো ওজন নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজনীয়। কিন্তু আপুনি জানেনে শৰীৰৰ অতিৰিক্ত ওজনৰ বাবে আপোনাৰ দৈনন্দিন কিছুমান অভ্যাস দায়ী হ’ব পাৰে। বিশেষকৈ সন্ধিয়া ৭ বজাৰ পিছত খাবলৈ খৰখেদা নকৰাটো বিপদজনক। এনে নহয় যে ওজন কমাবলৈ সন্ধিয়া ৭ বজাৰ পিছত একো খাব নোৱাৰি ৷ কিন্তু ইয়াৰ বাবে মনত ৰাখিবলগীয়া কিছুমান নিয়ম আছে।
১) বিয়লি অতি ভোক লগাটো নিয়ম ৷ গতিকে কামৰ মাজৰ ব্যৱধানত কেতিয়াবা ৰোল, চাউমিন, কেতিয়াবা মোমো, বাৰ্গাৰ খায়হে আমি শান্তি পাও ৷ কিন্তু দিনটো তিনি-চাৰি ঘণ্টাৰ মূৰে মূৰে কিবা এটা খালে সন্ধিয়ালৈ আপুনি অতি ভোকত থাকিব নালাগে ৷ ভোক লাগিলে পপকৰ্ণ, মাখানা, চিপচ, চালাড আদি খাব পাৰে।
২) সন্ধিয়াৰ জলপান আমি সদায় অৱহেলা কৰো! ব্ৰেকফাষ্ট, লাঞ্চ বা ডিনাৰৰ পৰিকল্পনা কৰিলেও সন্ধিয়াৰ আহাৰ প্ৰায়ে বাহিৰত খোৱা হয়। খোৱাৰ সময়ত আড্ডা মৰা , টিভি বা মোবাইল চোৱা অভ্যাস পৰিত্যাগ কৰিবলৈ চেষ্টা কৰক। টিভি-মোবাইল চাই অথবা আড্ডা মাৰি খাদ্য গ্ৰহণ কৰিলে গম নোপোৱাকৈয়ে অতিমাত্ৰা খাদ্য খোৱাৰ অভ্যাস গঢ় লৈ উঠে ৷
৩) বেছি পলমকৈ শুই থকাটো স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক ৷ ই খাদ্য সঠিকভাৱে হজম কৰাত সমস্যাৰ সৃষ্টি কৰে । ছ’চিয়েল মিডিয়াৰ বাবে দেৰিকৈ শোৱা অভ্যাস পৰিত্যাগ কৰা উচিত ৷
৪)ৰাতি বেছি গধুৰ খাদ্য নাখাব। দুপৰীয়াৰ ভাগত সামান্য গধুৰ খাদ্য গ্ৰহণ কৰিব পাৰে ৷ ৰাতি লঘু খাদ্য ৰুটি-চবজি আদি খাব পাৰে। এনে খাদ্য সোনকালে হজম হয় ৷
৫) যদি আপুনি ওজন কমাব বিচাৰে তেন্তে খাদ্য খোৱাৰ পিছত শোৱাৰ অভ্যাস ত্যাগ কৰক ৷ খোৱাৰ পিছত অন্ততঃ দুঘণ্টামান হাতত ৰাখক, তাৰ পিছত শুই যাওক। এই সময়ত ঘৰৰ কাম কিছু কৰিব পাৰে ৷ অথবা ঘৰৰ তলত অলপ সময় খোজ কাঢ়িব পাৰে ৷