গ্ৰীষ্মকালীন পাচলিৰ ভিতৰত বিশেষকৈ তিঁয়হ চালাড হিচাপে খোৱা হয়। তিঁয়হত পানীৰ পৰিমাণ বেছি থাকে বাবে ডি-হাইড্ৰেসনৰ সম্ভাৱনা কম হয়। কিন্তু আমি প্ৰায়েই তিঁয়হৰ বাকলি এৰুৱাই খাওঁ । ফল আৰু পাচলিৰ বাকলিত প্ৰচুৰ পৰিমাণে পুষ্টিগুণ থাকে আৰু যেতিয়াই আমি বাকলি এৰুৱাই দিওঁ তেতিয়াই তাত থকা পুষ্টিগুণৰ পৰা বঞ্চিত হওঁ। সেউজীয়া পাচলিত এণ্টি অকিডেণ্ট থকাৰ বাবে স্বাস্থ্যৰ বাবে বহুত উপকাৰী। তিঁয়হ বাকলিৰ সৈতে খালে কি কি উপকাৰ পোৱা যায় জানো আহক—-
১) ছালৰ বাবে উপকাৰী :- তিঁয়হ স্বাস্থ্যৰ লগতে ছালৰ বাবেও উপকাৰী এই কথা সকলোৱে জানে। কিন্তু বাকলিৰ সৈতে তিঁয়হ খালে তাৰ উপকাৰ দুগুণ হয়। বাকলিৰ সৈতে তিঁয়হ খালে মুখৰ উজ্বলতা বাঢ়ে। তিঁয়হৰ বাকলিত এস্যকৰবিক এচিদ থকা বাবে ছালৰ বিভিন্ন দিশত উপকাৰী হয়। বাকলিৰ সৈতে তিঁয়হ খালে ছালৰ বাৰ্ধক্য ৰোধ হয় আৰু ভিটামিন অক্সিডেটিভে ছালৰ ক্ষতি প্ৰতিৰোধ কৰিব পাৰে।
২) দৃষ্টি শক্তি বৃদ্ধি হয় :- যি সকলৰ দৃষ্টি-শক্তি দুৰ্বল তেওঁলোকে নিয়মিত বাকলিৰ সৈতে তিঁয়হ খোৱা উচিত। তিঁয়হত ভিটামিন এ’ পোৱা যায়। সেইবাবে বাকলিৰ সৈতে তিঁয়হ খালে দৃষ্টি শক্তি বৃদ্ধি হোৱাৰ লগতে কুকুৰীকণা ৰোগৰ বাবেও উপকাৰী।
৩) মুখৰ উজ্বলতা বাঢ়ে :- তিঁয়হৰ বাকলি ছালৰ কাৰণে খুবেই উপকাৰী কাৰণ ইয়াত এস্যকৰবিক এচিদ পোৱা যায় , ঠিক তেনেকৈ ভিটামিন অক্সিডেটিভ থকাৰ বাবে ক্ষতি হোৱা ছাল প্ৰতিৰোধ কৰিব পাৰে। যাৰ ফলত মুখৰ সৌন্দৰ্য আশ্চৰ্যজনক ভাৱে উজ্বলতাৰে ভৰি পৰে।
৪) ওজন কমায় :- বাকলিৰ সৈতে তিঁয়হ খালে ওজন কমোৱাত সহায়ক হয়। তিঁয়হত কেলৰি খুওব কম থাকে। হজম ক্ষমতা বঢ়াই তোলে আৰু তাৰ লগতে ভোক লগাৰ পৰিমাণ কমায়। যাৰ ফলত ওজন কমোৱাত সুবিধা হয়।
৫) হাৰ্টৰ বাবে উপকাৰী :- বাকলিৰ সৈতে তিঁয়হ খালে হৃদৰোগৰ সম্ভাৱনা বহুত পৰিমাণে কমি যায়। তিঁয়হত ভিটামিন কে’ থকাৰ বাবে তেজ গোট মৰাত বাধা দিয়ে যাৰ ফলত হাৰ্ট এটাকৰ সম্ভাৱনা কমায় আৰু তাৰ লগতে তেজ পৰিবাহী নলী বিলাকক সুস্থ ৰখাত সহায় কৰে।
৬) লোভ নিয়ন্ত্ৰণ কৰে :- ওজন কমোৱাৰ বাবে পাচলি হিচাপে তিঁয়হ খোৱা হয়। তিঁয়হে পিয়াহ গুচোৱাৰ লগতে মেটাবলিজম বঢ়ায়।বাকলিৰ সৈতে তিঁয়হ খালে পাকস্থলীৰ কাৰণে ফাইবাৰৰ কাম কৰে আৰু পেট ভৰি থকাৰ অনুভৱ কৰায়। যাৰ ফলত ঘনাই খোৱাৰ পৰা বিৰত থাকিব পাৰি।