তাপমাত্ৰা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। এই গৰমত শৰীৰটো শীতল কৰি ৰাখিবলৈ বহুতে এগিলাচ ঠাণ্ডা বা শীতল পানীয়ৰ চুমুক দি ভাল পায় । অৱশ্যে এনে পানীয়ত চেনিৰ পৰিমাণ অতি বেছি। এনে পানীয় শৰীৰৰ বাবে একেবাৰেই উপকাৰী নহয়। চিকিৎসকৰ মতে শৰীৰটো সুস্থ কৰি ৰাখিবলৈ সদায় বতৰৰ ফলৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। গ্ৰীষ্মকালীন বজাৰত ফলমূলৰ অভাৱ নাই। অৱশ্যে গৰমৰ দিনত জামুৰ দাম অলপ বেছি হয়। জামুত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। পটাছিয়াম, ফছফৰাছ, কেলচিয়াম, ছডিয়াম, মেগনেছিয়াম সমৃদ্ধ জামুৱে শৰীৰৰ বহু সমস্যা সমাধান কৰে।
জামুৱে কেনেকৈ শৰীৰৰ যত্ন লয়?
১) জামুৱে গ্ৰীষ্মকালত তেজ বিশুদ্ধকৰণৰ কাম কৰে। বহু মহিলাৰ তেজত হিম’গ্লবিন আৰু আইৰণৰ মাত্ৰা কম থাকে। জামুৱে তেজত এই দুটা মৌলৰ মাত্ৰা বৃদ্ধি কৰে। তেজৰ পৰা সকলো অশুদ্ধি শোষণ কৰি তেজ পৰিষ্কাৰ কৰি ৰাখে। তেজ পৰিষ্কাৰ হ’লে ছালতো ইয়াৰ প্ৰভাৱ পৰে। ছাল স্বাস্থ্যকৰ আৰু উজ্জ্বল হয় । জামুৱে চকু সুস্থ কৰি ৰাখে।
২) যিসকলৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে তেওঁলোকেও নিয়মিতভাৱে জামু খাব পাৰে। পটাছিয়ামযুক্ত জামুৱে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। নিয়মিত জামু সেৱন কৰিলে হাৰ্ট এটেক বা মানসিক চাপৰ সম্ভাৱনা কম হয়।
৩) জামুত থকা খাদ্য আঁহে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে। দীৰ্ঘদিন ধৰি কোষ্ঠকাঠিন্যত ভুগি থকাসকলে সুস্থ হৈ থাকিবলৈ জামুৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে।
৪) ডায়েবেটিছ ৰোগীৰ বাবে জামু খোৱাটোও স্বাস্থ্যকৰ। ডায়েবেটিছ ৰোগীৰ বাবে জামু বিশেষভাৱে উপকাৰী।
কিন্তু এই উপকাৰসমূহ পাবলৈ হ’লে জামু খোৱাৰ সময়ত আৰু খোৱাৰ পিছত মানি চলিবলগীয়া কিছুমান নিয়ম আছে। সেইবোৰ কি?
১)ফল খোৱাৰ লগে লগে পানী খোৱা নিষেধ। পিয়াহ লাগিলেও জামুখোৱাৰ পিছত কেতিয়াও পানী খাব নালাগে। অন্যথা ডায়েৰিয়া আৰু বদহজমৰ দৰে সমস্যাও হ’ব পাৰে। জামু খোৱাৰ অন্ততঃ আধা ঘণ্টা পিছত পানী খাব লাগে।
২) খালী পেটত জামু নোখোৱাই ভাল। বদহজম, পেটৰ জলা-পোৰা হোৱাৰ আশংকা থাকে।
৩) জামু খোৱাৰ পিছত দুগ্ধজাত সামগ্ৰী যেনে গাখীৰ, পনিৰ, দৈ আদি পৰিহাৰ কৰিব লাগে।
৪) জামু আৰু হালধি একেলগে খোৱাতো অতি বিপদজনক। এই দুটা বস্তু কেতিয়াও একেলগে নাখাব। গতিকে জামু খোৱাৰ পিছত হালধিৰে তৈয়াৰী কোনো খাদ্য নোখোৱায় ভাল।
৫)জামুৰ লগতে আচাৰজাতীয় খাদ্য নাখালে ভাল।