চুলি সৰা আমাৰ সকলোৰে এক গতানুগতিক সমস্যা ৷ আজিকালি জলবায়ু নাইবা প্ৰদূষনৰ বাবে পুৰুষ মহিলা উভয়েই এই সমস্যাৰ সন্মূখীন হয়৷ পানী,বতৰ ,ঔষধ নাইবা বেমাৰ আজাৰ আদি বিভিন্ন কাৰণত চুলিৰ এই সমস্যাই দেখা দিয়ে ৷ এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰা উচিত আজি আমি তাৰ বিষয়ে আলোচনা কৰিম৷
চুলি নসৰিবলৈ কি খাব লাগে:-
- নীলা পদুম,ভোমোৰা,জেষ্ঠমধু,সুগন্ধি ক’লা পিঁয়াজ,নহৰু,অপৰাজিতা ফুলৰ ৰস খালে চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি
- বৰ মানিমুনি গৰু গাখীৰৰ সৈতে খালে চুলিসৰা বন্ধ হয়
- আইৰণযুক্ত খাদ্য যেনে কেঁহৰাজ,আমলখি আদি খালে চুলি সৰা বন্ধ হয়৷
চুলিত কি লগালে চুলি সৰা বন্ধ হয়:-
- কেঁহৰাজ বা ৰঙা জবাফুলৰ ৫/৬টা পাত খুন্দি মূৰত প্ৰায় আধা ঘণ্টা সময় প্ৰলেপ দি ৰাখিব লাগে
- মহাভৃংগৰাজৰ পাত সানিব লাগে
- ২০০ গ্ৰাম কেৰেলাৰ শিপা খুন্দি মূৰত প্ৰায় আধা ঘণ্টা সময় প্ৰলেপ দি ৰাখিলে চুলি সৰা বন্ধ হয়
চুলি সৰিলে কি ব্যৱহাৰ কৰিব নালাগে:-
- পৰাপক্ষত মূৰ ধোঁওতে চাবোন ব্যৱহাৰ কৰিব নালাগে
- বজাৰত সহজতে পোৱা যিকোনো উগ্ৰ গোন্ধ যুক্ত তেল ব্যৱহাৰ কৰিব নালাগে
চুলি নসৰিবলৈ কি কি যতন লোৱা প্ৰয়োজন:-
- চুলিৰ গুৰি সদায় পৰিষ্কাৰকৈ ৰাখিব লাগে
- অধিক চিন্তাৰ পৰা বিৰত থাকিব লাগে
- টোপনি খতি কৰিব নালাগে
- পৰাপক্ষত কৃত্ৰিম সামগ্ৰীৰ ব্যৱহাৰ কৰিব নালাগে
এই সকলোখিনি কথাত গুৰুত্ব আৰোপ কৰি আমি নিজৰ চুলিকোছাৰ যত্ন ল’লে ,আমি সুন্দৰ চুলি আৰু সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী হ’ব পাৰোঁ৷