আমাৰ সুস্থ জীৱনৰ বাবে খোজ কঢ়া অতি প্ৰয়োজন। খোজ কঢ়াৰ এশগুণ আছে বুলি আমি জানো। ৰাতিপুৱা সূৰ্য উঠাৰ আগতে বা গধূলি নাইবা আমি ৰাতিও খোজ কাঢ়িব পাৰো। নিজৰ সুবিধা অনুযায়ী নিয়মিত ভাৱে খোজকঢ়া অতি দৰকাৰী। বিশেষজ্ঞ সকলৰ মতে ৰাতি আহাৰ খোৱাৰ পিছত খোজ কঢ়া শৰীৰৰ বাবে অতি উপকাৰী । আমি বেছিভাগেই ৰাতিৰ আহাৰ খোৱাৰ পিছত টি ভি ৰ ওচৰত বহো নহ’লে ম’বাইলত ব্যস্ত হৈ থাকো। কেতিয়াবা আহাৰ খোৱা হ’লেই শুবলৈ যাওঁ। বেমাৰ আজাৰৰ পৰা শৰীৰটোক নিৰোগী কৰি ৰাখিবলৈ আৰু সুস্বাস্থ্যৰ গৰাকী হৈ থাকিবলৈ ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিছত খোজ কঢ়া অভ্যাস গঢ়ি তোলা উচিত। জানো আহকচোন , এনেদৰে খোজ কাঢ়িলে কি হয়-
১) ৰাতি আহাৰ খোৱাৰ পিছত এলাহ আঁতৰাই খোজ কাঢ়িব লাগে। খোজ কঢ়াৰ ফলত খোৱা বস্তু সোনকালে হজম হয় আৰু পেটৰ বহুত সমস্যা নোহোৱা হয়।
২) ৰাতি আহাৰ খোৱাৰ পিছত খোজ কাঢ়িলে অতিৰিক্ত কে’লৰী বাৰ্ণ হয়। যাৰ ফলত ওজন নিয়ন্ত্ৰণত সহায় হয়।
৩) বহু সময়ত কামৰ হেঁচাত বা কিছুমান ব্যক্তিগত সমস্যাত টোপনি ভালকৈ নাহে। ৰাতি আহাৰ খোৱাৰ পিছত শুবলৈ নগৈ খোজ কাঢ়িলে মানসিক চাপ কমে আৰু ৰক্ত সঞ্চালন উন্নত হয়। তাৰ ফলত সুন্দৰ টোপনি অহাত সহায় হয়।
৪) ডায়বেটিছ ৰোগীয়ে আহাৰ খোৱাৰ পিছত ৩০ মিনিট সময় খোজ কাঢ়িলে চুগাৰ নিয়ন্ত্ৰণত থাকে।
৫) শৰীৰৰ বাবে ব্যায়াম অতি প্ৰয়োজন। সময়ৰ অভাৱত ব্যায়াম কৰিব নোৱাৰিলেও তাৰ পৰিপূৰক হিচাপে খোজ কাঢ়িব লাগে। খোজ কাঢ়িলে শৰীৰৰ কেলৰি বাৰ্ণ হয়। গতিকে ৰাতি আহাৰ খোৱাৰ পিছত খোজ কাঢ়িলে ওজন কমোৱাত সহায়ক হয়।
এটা সুস্থ শৰীৰ , সুন্দৰ চেহেৰাৰ লগতে এটা সুন্দৰ মনৰ অধিকাৰী হ’বৰ বাবেও সদায় খোজ কাঢ়িব লাগে।