ভাৰতৰ ৬৯খন বিশ্ববিদ্যালয়ে কিউ এছ বিশ্ববিদ্যালয় ৰেংকিঙ-২০২৪ (QS University Rankings 2024 )ৰ আন্তঃৰাষ্ট্ৰীয় তালিকাত স্থান লাভ কৰিছে। এই বিষয়ভিত্তিক তালিকাত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ কৰি আন্তঃৰাষ্ট্ৰীয় তালিকাত ২০ নম্বৰ স্থান লাভ কৰিছে। উন্নয়ন অধ্যয়নত এই স্থান লাভ কৰিছে।
ভাৰতৰ ভিতৰত দ্বিতীয় স্থানত আছে আই আই এম আহমেদাবাদ। ব্যৱসায় আৰু পৰিচালনা অধ্যয়নত ইয়াৰ আন্তঃৰাষ্ট্ৰীয় স্থান ২২। সবিতা ইনষ্টিটিউট অৱ মেডিকেল এণ্ড টেকনিকেল ছায়েন্সে (ডিমড ইউনিভাৰ্চিটি) দন্ত চিকিৎসাত ২৪ নম্বৰ স্থান লাভ কৰি ভাৰতৰ তৃতীয়খন শিক্ষানুষ্ঠান ৷আই আই এম বাংগালুৰু আৰু আই আই এম কলকাতাও শীৰ্ষ ৫০ খন বিজনেছ স্কুলৰ ভিতৰত আছে।
মুঠৰ ওপৰত এইবাৰ ৰেংকিং তালিকাত ভাৰতৰ স্থান উন্নত হৈছে। ভাৰতীয় শিক্ষানুষ্ঠানৰ পৰা মুঠ ৪৫৪ খনৰ প্ৰৱেশ পঞ্জীয়ন হোৱাৰ বিপৰীতে যোৱাবাৰ ৩৫৫ খন প্ৰতিষ্ঠানৰ প্ৰৱেশ পত্ৰ পঞ্জীয়ন কৰা হৈছিল। কিউএছ ৰেংকিঙৰ বহনক্ষমতা শিতানত যাদৱপুৰ বিশ্ববিদ্যালয় (৬১৯) প্ৰথম ৬৫০খন বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰিছে । এই শাখাত দিল্লী বিশ্ববিদ্যালয়ে দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছে (২২০)। ৫৪৫ নম্বৰ স্থানত আছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়। এই তালিকা প্ৰস্তুত কৰিছিল উচ্চ শিক্ষাৰ বাবে ব্ৰিটিছ সংস্থা কোৱাক্ৰেলি ছিমণ্ডছ (QS) য়ে। সংস্থাটোৰ মুখ্য কাৰ্যবাহী বিষয়া জেচিকা টাৰ্নাৰে ভাৰতৰ পৰা প্ৰৱেশৰ সংখ্যা ৩৫৫ৰ পৰা ৪৫৪লৈ বৃদ্ধি পোৱাটো ইতিবাচক বুলি অভিহিত কৰে। ভাৰতীয় শিক্ষানুষ্ঠানসমূহক কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে অভিনন্দন জনাইছে।