ব্যস্ত জীৱন আৰু অনিয়মিত খাদ্যাভ্যাসৰ ফলত হোৱা অন্যতম ৰোগ হ’ল তেজত ইউৰিক এচিডৰ পৰিমান বৃদ্ধি পোৱাৰ সমস্যা ৷ খাদ্যৰ পৰা উৎপন্ন হোৱা ইউৰিক এচিড তেজত প্ৰৱেশ কৰি বৃক্কলৈ যায়। বৃক্কে এই প্ৰদূষকবোৰ ফিল্টাৰ কৰি প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়ে। কিন্তু যদি যকৃতে নিৰ্গত কৰাতকৈ অধিক ইউৰিক এচিড উৎপন্ন কৰে তেন্তে বৃক্কই অতিৰিক্ত ইউৰিক এচিড শৰীৰৰ পৰা উলিয়াই নিব নোৱাৰে। ফলত তেজত ইউৰিক এচিডৰ পৰিমাণ বাঢ়ি যায়। অনিয়ন্ত্ৰিত জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাস ইয়াৰ মূল কাৰণ।
যেতিয়া ইউৰিক এচিড শৰীৰত থিতাপি লয় তেতিয়া বহুতৰে খাদ্য খোৱা-বোৱাত বাধা থাকে। বিলাহী, মচুৰ দাইলৰ দৰে বহু খাদ্য এই ৰোগত নিষিদ্ধ। কিন্তু শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বাঢ়িলে দৈনিক খাদ্যত দুই এটা পানীয় ৰাখিলে এই ৰোগৰ পৰা উপশম পাব পাৰে । ইউৰিক এচিডৰ সমস্যা নিয়ন্ত্ৰণ কৰিবলৈ দৈনিক খাদ্যত কি কি পানীয় ৰাখিব পাৰে ৷
১) তিয়হ- ধনিয়াৰ ৰস: তিয়হ আৰু ধনিয়া সৰু সৰুকৈ কাটি মিক্সাৰত গুঢ়ি কৰি লওক ৷ মিশ্ৰণটোত আদা আৰু নেমুৰ ৰস দিব। এই মিশ্ৰণ নিয়মিতভাৱে দিনটোত দুবাৰকৈ সেৱন কৰিলে ভাল ফলাফল পোৱা যায়।
২) আদা দিয়া চাহ: চাহ খাবলৈ আপুনি ভাল পায় নেকি । ইউৰিক এচিডৰ সমস্যা হ’লে নিয়মিতভাৱে আদা দি বনোৱা চাহত চুমুক দিবপাৰে। আদাই শৰীৰৰ প্ৰদাহ কমোৱাত সহায় কৰে। লগতে গাঁঠিৰ বিষ দূৰ কৰাত সহায় কৰে।
৩) গাজৰৰ ৰস: ইউৰিক এচিডৰ বাবে গাঁঠিৰ বিষ বাঢ়িলে আপুনি দৈনন্দিন খাদ্যত গাজৰৰ ৰস ৰাখিব পাৰে। গাজৰৰ ৰস বনাই তাত অলপ নিমখ আৰু নেমুৰ ৰস মিহলাই দিব পাৰে। গাজৰত থকা বিটা কেৰটিন, ভিটামিন এ আৰু এন্টিঅক্সিডেন্টে শৰীৰত ইউৰিক এচিডৰ ফলত হোৱা ক্ষতি ৰোধ কৰে।