আধুনিক জীৱন-যাপন বা খাদ্যভ্যাসৰ বাবে শৰীৰত নানা ধৰণৰ বেমাৰে দেখা দিয়ে। পাইলচ বা অৰ্শৰোগ ইয়েৰ ভিতৰত এবিধ। সদায় কোষ্ঠকাঠিন্য , গেছ , বদহজমৰ নিচিনা দীৰ্ঘদিনীয়া সমস্যা থাকিলে এই সমস্যাই পাইলচৰ ৰূপ ল’য়। পাইলচৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে এই খাদ্যবোৰৰ পৰা আঁতৰি থাকিব লাগিব। জাঁনো আহকচোন খাদ্যবোৰৰ বিষয়ে—
১) বৰ্তমান সময়ত শিশুৰ পৰা বৃদ্ধ সকলোৱে ফাষ্টফুট আসক্ত। তেল , মচলা আৰু অস্বাস্থ্যকৰ বস্তুৰ পৰা তৈয়াৰ কৰা ফাষ্টফুটবোৰ হজম কঁৰোতে শৰীৰক বহুত পৰিশ্ৰমৰ প্ৰয়োজন হয়। সঠিকভাৱে হজম নহোৱাৰ বাবে এইবোৰ খাদ্যই কোষ্ঠকাঠিন্য বঢ়ায় আৰু ভৱিষ্যতে পাইলচ হোৱাত সহায় কৰে। তাৰোপৰি যি সকলে ইতিমধ্যে পাইলচত ভূগি আছে তেওঁলোকে ফাষ্টফুটৰ পৰা আঁতৰি থাকিব লাগে।
২) তেল-মচলাযুক্ত খাদ্য প্ৰায় সকলোৰে প্ৰিয়। কিন্তু দীৰ্ঘদিন ধৰি এই ধৰণৰ খাদ্য খোৱা উচিত নহয়। তেল আৰু মচলাই পৰিপাক তন্ত্ৰক প্ৰভাৱিত কৰে। পাইলচৰ কাৰণে যদি ৰক্তক্ষৰণ হোৱাৰ সম্ভাৱনা থাকে তেনেহ’লে এই ধৰণৰ খাদ্য খোৱা উচিত নহয়।
৩) আজিকালি পিৎজা , পাস্তাৰ পৰা আৰম্ভ কৰি পৰোঠা আৰু ভাত লৈকে পনীৰ সংযোগ কৰি সোৱাদময় কৰাৰ চেষ্টা কৰা হয়। পনীৰত বেছি পৰিমাণে প্ৰোটিন থকাৰ বাবে নিৰামিষভোজী সকলেও বহুত বেছি পনীৰ আহাৰত ব্যৱহাৰ কৰে। যদি পাইলচৰ সমস্যা থাকে তেনেহ’লে খাদ্য তালিকাত পনীৰ নৰখাই ভাল। পনীৰে পাইলচ আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে।
৪) কেঁচা জলকীয়াত ভিটামিন চি’ থাকে যদিও কম পৰিমাণে কেঁচা জলকীয়া খোৱা উচিত। ৰঙা জলকীয়া বা শুকাণ জলকীয়া একেবাৰে খোৱা উচিত নহ’য়। জলকীয়া বেছি পৰিমাণে খালে কোষ্ঠকাঠিন্য বাঢ়ে আৰু ৰক্তক্ষৰণৰ সমস্যাও বাঢ়ে।