সৰিয়হ শাক স্বাস্থ্যৰ বাবে বহুত উপকাৰী। এই শাকত থকা ঔষধি গুণে হাড় মজবুত কৰাৰ উপৰিও কলেষ্টেৰল আৰু কৰ্কট ৰোগক নিয়ন্ত্ৰণত ৰাখিব পাৰে। শীত কালত উপলব্ধ সৰিয়হৰ শাক খাবলৈ সোৱাদময় হোৱাৰ উপৰিও ইয়াত আছে বহুতো ঔষধি গুণ। জানো আহকচোন–
১) সৰিয়হ শাকত থকা ভিটামিন ‘K’ আমাৰ শৰীৰৰ হাড়বোৰ শক্তিশালী কৰাৰ উপৰিও হাৰ্টক সুস্থ ৰখাত সহায় কৰে। ইয়াৰ বাহিৰেও আঘাতপ্ৰাপ্ত হৈ অতিৰিক্ত ৰক্তক্ষৰণ হৈ থাকিলে ভিটামিন ‘K’ ৰক্ত বন্ধ কৰাত সহায় কৰে।
২) সৰিয়হ শাকত এণ্টিঅক্সিডেণ্টৰ উপৰিও এণ্টি-কাৰ্ছিনজেনিক থকাৰ বাবে এই শাক খালে দুৰাৰোগ্য ৰোগত কিছু উপশম ঘটাব পাৰে। সৰিয়হ শাকত গ্লুকোছিনলেটচ নামৰ উপকাৰী উদ্ভিদ যৌগৰ পৰিমাণ বেছি থকা বাবে কৰ্কট ৰোগৰ কোষ বৃদ্ধিত বাধা দিব পাৰে।
৩) সৰিয়হ শাকত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ থকাৰ উপৰিও ফ্লাভোনয়েড আৰু বিটা কেৰোটিনে হৃদৰোগক প্ৰতিৰোধ কৰিব পাৰে। শাকত থকা এই উপাদান সমূহে পাকস্থলীত পিত্ত এচিড তৈয়াৰ কৰাৰ লগতে কলেষ্টেৰলৰ পৰিমাণ কমোৱাত সহায় কৰে।
৪) সৰিয়হ শাক চকুৰ কাৰণেও উপকাৰী। ইয়াত থকা এণ্টিঅক্সিডেণ্ট ৰ বাবে চকু সুস্থ হৈ থকাৰ উপৰিও বয়স সম্পৰ্কিত দৃষ্টিশক্তি অটুত ৰখাত সহায় কৰে।