VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
December 10, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

আজি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ওপজা দিন । ১৮৩৫ চনৰ আজিৰ দিনটোতে যোৰহাটত তেওঁৰ জন্ম হৈছিল । বিভিন্ন প্ৰতিকূলতাকো নেওচি তেওঁ অসমীয়াৰ উপৰি সংস্কৃত, হিন্দী আৰু ইংৰাজী ভাষাৰ জ্ঞান আহৰণ কৰিছিল । তেওঁ গোলাঘাটৰ ৰাজহ বিভাগৰ পেচকাৰ পদত সোমাই পিছলৈ গুৱাহাটীত ন্যায়িক আদালতৰ অনুবাদক (কাকতী) হিচাপে যোগদান কৰে । তাতেই তেওঁ অধীক্ষক পদলৈ পদোন্নতি পায় । কিছুকাল তেওঁ ‘আছাম নিউজ’ কাকতৰো সম্পাদক আছিল । অৰুণোদই সংবাদ পত্ৰৰ সৈতেও জড়িত আছিল । তেওঁৰ অমৰ কীৰ্তি হেমকোষ অভিধান । তেওঁ এগৰাকী সমাজ সংস্কাৰকো আছিল । অসমীয়া ব্যাকৰণ, তুলনামূলক ব্যাকৰণ, কানীয়াৰ কীৰ্তন, বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী আদি তেওঁৰ অন্যতম প্ৰকাশিত পুথি । ভাষাৰ ওজালৈ আমাৰ প্ৰণাম ।

আজি ৰোমাণ্টিক যুগৰ প্ৰথমগৰাকী মহিলা কবি যমুনেশ্বৰী খাটনিয়াৰৰ স্মৃতি দিৱস । ঘৰৰ পৰাই পঢ়া-শুনা কৰি মাধ্যমিক শিক্ষা সমাপ্ত কৰাৰ পিছত তেওঁ মুদৈজানত এখন বালিকা বিদ্যালয় স্থাপন কৰি তাতেই শিক্ষকতা কৰিবলৈ লয় । স্ত্ৰীশিক্ষাৰ সুযোগ নথকা সময়ত তেওঁ এনেদৰে বালিকা বিদ্যালয় স্থাপন কৰি সাহসিকতাৰ পৰিচয় দিছিল । ১৯১৯ চনত তেওঁৰ প্ৰথম কবিতা পুথি ‘অৰুণ’ প্ৰকাশ পায় । বাঁহী, অকণ, প্ৰভাত আদি আলোচনীত তেওঁৰ কবিতা প্ৰকাশ পাইছিল । মাথোঁ ২৫ বছৰ বয়সতে তেওঁৰ অকাল বিয়োগ ঘটে । মৃত্যুৰ পূৰ্বে তেওঁ সাৱিত্ৰী আৰু কিংলিয়েৰ নামৰ দুখন কবিতা পুথিৰ পাণ্ডুলিপি প্ৰস্তুত কৰি থৈ গৈছিল । ১৯২৪ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । কবিগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতি দিৱস । তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ সক্ৰিয় কৰ্মী আছিল । অসম আন্দোলনৰ আৰম্ভণিতে ১৯৭৯ চনৰ আজিৰ দিনটোতে লোকসভা নিৰ্বাচনৰ বৰপেটা সমষ্টিৰ প্ৰাৰ্থী এগৰাকীক মনোনয়ণপত্ৰ দিবলৈ যোৱাৰ পথত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বাধা দিবলৈ যাওঁতে পুলিচৰ গুলীত তেওঁ শ্বহীদ হয় । সেইসময়ত তেওঁ সৰুপেটাৰ বি এইছ বি কলেজৰ প্ৰাক-বিশ্ববিদ্যালয় দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ আছিল । শ্বহীদগৰাকীলৈ আমাৰ প্ৰণাম ।

Previous Post

এতিয়া শাকৰ বতৰ। সৰিয়হ শাক খায় নিশ্চয় আপুনিও। এই শাক খালে কি হয় জানেনে বাৰু ?

Next Post

৫ আৰু ৬ জানুৱাৰিত জ্যোতি চিত্ৰবনত চলচ্চিত্ৰম্‌ নেচনেল ফিল্ম ফেষ্টিভেল

Related Posts

উদ্বেগ আৰু অস্থিৰতাই আপোনাক বিচলিত কৰিছে নেকি ? গৰমত কি ফলে সকাহ দিব পাৰে?
সমাজ

উদ্বেগ আৰু অস্থিৰতাই আপোনাক বিচলিত কৰিছে নেকি ? গৰমত কি ফলে সকাহ দিব পাৰে?

June 6, 2023
ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?
সমাজ

ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?

May 24, 2023
দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা
সমাজ

দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা

April 13, 2023
জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?
সমাজ

জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?

April 4, 2023
ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?
সমাজ

ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?

April 4, 2023
সুৰাৰ বটলত গামোচা বিতৰ্ক
সমাজ

সুৰাৰ বটলত গামোচা বিতৰ্ক

April 4, 2023
Next Post
৫ আৰু ৬ জানুৱাৰিত জ্যোতি চিত্ৰবনত চলচ্চিত্ৰম্‌ নেচনেল ফিল্ম ফেষ্টিভেল

৫ আৰু ৬ জানুৱাৰিত জ্যোতি চিত্ৰবনত চলচ্চিত্ৰম্‌ নেচনেল ফিল্ম ফেষ্টিভেল

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7