অমিতা এবিধ সুস্বাদু , শীতলকাৰক , স্ফুৰ্তিদায়ক , ৰোচক আৰু অতি সহজে হজম হোৱা এবিধ ৰসাল ফল। আমি সকলোৱে জানো ,অমিতাই বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিব পাৰে। আজি অমিতাৰ বিষয়ে কিছু আচৰিত কথা জানো আহকচোন-
১) বিছাই ডাকিলে অমিতাৰ ৰস ৪/৫ টোপাল ব্যৱহাৰ কৰি সুফল পাব পাৰি।
২) কুকুৰীকণা আৰু চকুৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিবৰ বাবে পকা অমিতা অন্ততঃ ২০০ গ্ৰামকৈ প্ৰতিদিনে খাব লাগে। পকা অমিতাই দৃষ্টি শক্তি বৃদ্ধি কৰিব পাৰে।
৩) মাতৃ স্তনত দুগ্ধ বৃদ্ধি কৰিবৰ কাৰণে পকা আৰু কেঁচা অমিতা খাব লাগে।
৪) খৰ আৰু খজুৱতিত পাঁচ টোপাল মৌ আৰু এটিপা নিমখ মিহলি কৰি দুই টোপাল অমিতাৰ ৰস , খৰ আৰু খজুৱতি হোৱা ঠাইত লগালে সুফল পোৱা যায়।
৫) মাংসপেশী সবল কৰাত অমিতাই সহায় কৰে। পকা অমিতা খোৱাৰ উপৰি কেঁচা অমিতা আঞ্জা কৰি খোৱা ভাল।
৬) দাঁতৰ বিষত অমিতাৰ শিপা , ওভতা বনসূতৰ শিপা , জালুক এটা পিহি একেলগে দাঁতৰ গুৰিত লগালে দাঁতৰ বিষ ভাল হয়।
৭) নিয়মীয়াকৈ অমিতা খালে কৰ্কট ৰোগ হ’ব নোৱাৰে। প্ৰতিদিনে অন্ততঃ ৫০ গ্ৰামকৈ পকা অমিতা বা কেঁচা অমিতা খোৱা ভাল।
৮) পকা অমিতাই ৰক্তহীনতা দূৰ কৰিব পাৰে।
৯) পকা অমিতা ফেটি মুখ মণ্ডলৰ ছালত সানিলে ছালত পৰা ক’লা দাগ উঠে। ছালখন নিমজ কৰাত সহায় কৰে।
১০) নিয়মীয়াকৈ অমিতা খালে গলব্লাডাৰ ষ্টন , পেটচলা , মাহেকীয়া ঋতুস্ৰাৱৰ সমস্যা আদি দূৰ হোৱাত সহায় কৰে।