চেহেৰা ক্ৰমান্বয়ে শেঁতা হৈ পৰিছে নেকি ? খাদ্য দেখিলে খাবলৈ মন নাযায় নেকি ? অফিচলৈ অহা-যোৱা কৰাৰ মানসিক চাপ ল’ব নোৱাৰা হৈছে নেকি !শৰীৰৰ এনে লক্ষণবোৰক কেৱল গৰমৰ ক্লান্তি বুলি উলাই কৰি নিদিব । তেজত হিম’গ্লবিনৰ মাত্ৰা কমিলেও এনে সমস্যা হ’ব পাৰে ৷
তেজত হিম’গ্লবিনৰ মাত্ৰা কমি গ’লে চুলি সৰা সমস্যা বাঢ়ি যায়। ইয়াৰ মূল কাৰণ হৈছে আইৰণৰ অভাৱ। ৰক্তহীনতাৰ ফলত প্ৰায়ে ভাগৰুৱা হৈ পৰে। বহুতৰে হৃদস্পন্দনও বৃদ্ধি পায়। বহু মহিলাই গৰ্ভাৱস্থাত ৰক্তহীনতাত ভুগি থাকে। কিন্তু পুষ্টিৰ অভাৱত যিকোনো ব্যক্তিৰ এই সমস্যা হ’ব পাৰে। পুষ্টিবিদসকলৰ মতে খাদ্যাভ্যাসৰ সৰু সৰু পৰিৱৰ্তন কৰি এই ৰোগৰ বিৰুদ্ধে যুঁজ দিয়া সম্ভৱ।
তেজত হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি কৰিবলৈ কি খাব লাগে?
১) কচু, ব্ৰকলি, বুট, পনিৰ, কণী, আপেল, তৰমুজ, আলমণ্ড, বুট, ভেণ্ডি আৰু কিচমিচ দৈনন্দিন খাদ্যত ৰাখিব পাৰে যাতে তেজত আইৰণৰ অভাৱ পূৰণ কৰিব পাৰে।
২) ভিটামিন চি শৰীৰে আইৰণ শোষণ কৰাত সহায় কৰে। শৰীৰত আইৰণৰ অভাৱ দূৰ কৰিবলৈ ভিটামিন চি যুক্ত খাদ্য বেছিকৈ ৰাখিব লাগে। ভিটামিন চি প্ৰচুৰ পৰিমাণে কমলা, ষ্ট্ৰবেৰী, অমিতা, কেপচিকাম, ব্ৰকলি, আঙুৰ আৰু টমেটো আদিত পোৱা যায়।
৩) ফলিক এচিড হৈছে এক প্ৰকাৰৰ ভিটামিন বি কমপ্লেক্স, যিয়ে ৰক্তকণিকা গঠনত সহায় কৰে। সেউজীয়া শাক-পাচলিত প্ৰচুৰ পৰিমাণে ফলিক এচিড থাকে। গতিকে খাদ্যত অধিক সেউজীয়া আৰু শাক-পাচলি ৰাখক।