বিৰাট কোহলিৰ পৰা আয়ুষ্মান খুৰানালৈকে , আল্লু অৰ্জুনৰ পৰা ৰণবীৰ সিঙলৈ সকলোৰে ফেশ্বনত দাড়িৰ আছে বিশেষ গুৰুত্ব ৷ বিশেষকৈ যিসকলে মাজে মাজে নিজৰ চেহেৰাৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰে, তেওঁলোকৰ বহুতেই এই দাড়িৰ প্ৰতি অতি আকৰ্ষিত। কেতিয়াবা ভ্যান ডাইক, কেতিয়াবা ৰয়েল আৰু কেতিয়াবা চাৰ্কল দাড়ি ৰাখি নিজৰ লুক পৃথক কৰিবলৈ চেষ্টা কৰে ৷ ডাঠ দাড়িয়ে যেনেকৈ ৰূপ সলনি কৰে, তেনেকৈয়ে ব্যক্তিত্বৰ ওপৰতো এক বেলেগ ছাপ দিয়ে। কিন্তু গ্ৰীষ্মকালৰ বাবে ফেশ্বনৰ সৈতে আপোচ কৰিব নিবিচাৰিলে দাড়িৰ অতিৰিক্ত যত্ন ল’ব লাগিব। গৰমৰ দিনত দাড়িৰ যত্ন কেনেকৈ লব?
১) গৰমৰ দিনত দাড়ি নিয়মিতভাৱে ট্ৰিম কৰিব লাগে। শীতকালত দাড়ি গজিলে বিশেষ ক্ষতি নহয়। কিন্তু গ্ৰীষ্মকালত যদি দাড়ি বেছিকৈ গজে তেন্তে ই সমস্যাত পৰিণত হ’ব পাৰে, গতিকে সপ্তাহত এবাৰ ট্ৰিম কৰক।
২) এই সময়ত তেলেৰে নিয়মিতভাৱে দাড়িৰ মালিচ কৰিব লাগিব। ইয়াৰ দ্বাৰা দাড়ি বা তাৰ গুৰিৰ ওপৰত বেক্টেৰিয়া গজিবলৈ নিদিয়ে। তেল মালিচ নকৰিলে দাড়িৰ তলৰ ছালখন সংক্ৰমিত হ’ব পাৰে।
৩) শীতকাল শেষ হ’ল বুলিয়েই মইশ্ব’ৰাইজাৰ লগোৱা বন্ধ নকৰিব। গৰমৰ দিনতো ছালখন মইশ্ব’ৰাইজ কৰাটো প্ৰয়োজন! ৰুক্ষ দাড়ি একেবাৰে ভাল দেখা নাযায়। গতিকে মইশ্ব’ৰাইজাৰ আৰু দাড়িৰ তেল ব্যৱহাৰ কৰাটো নিশ্চিত কৰক।
৪) গ্ৰীষ্মকালত দীঘল দাড়ি ৰাখিব বিচাৰেনে? কিন্তু ইয়াৰ বাবে অধিক পানী খাব লাগে। দিনটোত কমেও ৩ লিটাৰ পানী সেৱন কৰিব লাগিব। অন্যথা দাড়িৰ গুৰি শুকাই অস্বস্তিৰ সৃষ্টি কৰিব পাৰে।
৫) ৰ’দত ওলাই যাব বিচাৰিলে গালত ছানস্ক্ৰীণ লগাব লাগে। দাড়ি থাকিলে ছানস্ক্ৰীণ কেনেকৈ লগাব তাক লৈ চিন্তা হয় ৷ এই ক্ৰীম দাড়িৰ তলৰ ছালত লগাব লাগে। ই দাড়িৰ তলৰ ছালখন কোমল কৰি ৰাখিব, দাড়িও চিকচিকিয়া হ’ব।