VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

২০০১ চনৰ লোক গণনাৰ ভিত্তিত সমষ্টি পুনৰ্নিৰ্ধাৰণ বিৰোধিতা চিপিআই(এম)ৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 28, 2023
in মুখ্য সংবাদ
২০০১ চনৰ লোক গণনাৰ ভিত্তিত সমষ্টি পুনৰ্নিৰ্ধাৰণ বিৰোধিতা চিপিআই(এম)ৰ
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ নিৰ্বাচন আয়োগে ২০০১ চনৰ লোক গণনাৰ ভিত্তিত ২০২৩ চনত অসমৰ লোকসভা আৰু বিধানসভা সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰাত চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ বিৰোধিতা কৰিছে। এই সংক্ৰান্তত পাৰ্টিৰ এটা প্ৰতিনিধি দলে বৰ্তমান অসমলৈ অহা ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তসহ নিৰ্বাচন আয়োগৰ সদস্যসকলক গুৱাহাটীত সাক্ষাৎ কৰি এখন স্মাৰক-পত্ৰ প্ৰদান কৰে। চিপিআই(এম)ৰ পাঁচজনীয়া প্ৰতিনিধি দলটোত আছিল পাৰ্টিৰ ৰাজ্যিক কমিটিৰ সম্পাদক সুপ্রকাশ তালুকদাৰ, কেন্দ্ৰীয় কমিটিৰ সদস্য ইচফাকুৰ ৰহমান, দলৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, ৰাজ্যিক সম্পাদক মণ্ডলীৰ সদস্য অজিত দাস আৰু নয়ন ভূঞা।

পাৰ্টিয়ে সাতোটা গুৰুত্বপূৰ্ণ দফা সন্নিৱিষ্ট কৰি প্ৰদান কৰা স্মাৰক-পত্ৰত উল্লেখ কৰা হয় যে ২০০১ চনত ৰাজ্যৰ জনসংখ্যা আছিল ১.৪৬ কোটি। এতিয়া দুটা দশকৰো অধিক কালৰ পাছত সেই সংখ্যা প্ৰায় ৩.৬৬ কোটিলৈ বৃদ্ধি পাইছে। সেয়ে ২০০১ চনৰ লোক পিয়লৰ ভিত্তিত বৰ্তমান লোকসভা আৰু বিধানসভা সমষ্টিসমূহৰ সীমা পুনৰ্নিৰ্ধাৰণ যুক্তিসংগত আৰু গ্ৰহণযোগ্য নহয়। তদুপৰি, স্মাৰক-পত্ৰত উল্লেখ কৰা হয় যে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি দল আৰু চৰকাৰে অসৎ অভিপ্ৰায়েৰে আৰু সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থ সন্মুখত ৰাখি অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পোষকতা কৰিছে। ইয়াৰ প্ৰমাণ হিচাপে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে যোৱা ২৭ ডিচেম্বৰত অধিসূচনা জাৰি কৰাৰ পাছত আৰু চলিত বৰ্ষৰ এক জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ নতুন প্ৰশাসনিক জিলা বা গোট গঠনৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ লগে লগে ২০২২ চনৰ ৩১ ডিচেম্বৰত হঠাৎ চাৰিখন জিলা ভংগ কৰি পূৰ্বৰ সংশ্লিষ্ট জিলাসমূহৰ লগত চামিল, ১৪খন জিলাৰ শতাধিক গাঁও এখন জিলাৰ পৰা আন এখন জিলাৰ প্ৰশাসনিক গোটৰ লগত একপক্ষীয়ভাৱে যুক্ত কৰাৰ কথা উল্লেখ কৰা হয়।

আনকি বিটিএডিৰ সৈতে নতুনকৈ গাঁও সংযুক্তিৰ বিষয়টো বিবেচনাৰ বাবে ২০২০ চনৰ ২৭ জানুৱাৰীত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ আধাৰত গঠিত আয়োগৰ কাম-কাজ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই কিছুমান গাঁও বিটিএডিৰ অন্তৰ্ভুক্ত কৰাৰ আঁৰত অসম চৰকাৰ গভীৰ ষড়যন্ত্ৰ থকা বুলিও স্মাৰক-পত্ৰত উল্লেখ কৰা হয়। চিপিআই(এম) দলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ আয়োগ গঠন নকৰাকৈ সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ কৰাতো তীব্ৰ আপত্তি দৰ্শায়। পাৰ্টিয়ে সদ্যহতে সমগ্ৰ প্ৰক্ৰিয়াটো স্থগিত ৰাখি ভাৰতৰ সংবিধানৰ ৮৪ নং সংশোধনী মতে অন্য ৰাজ্য সমূহৰ দৰে অসমতো সমষ্টি পুনৰ নিৰ্ধাৰণ কাম ২০২৬ চনলৈ পিছুৱাই দিয়াৰ পক্ষে দৃঢ় মত পোষণ কৰে।

Previous Post

ইছলামিক আগ্ৰাসনৰ পৰা উত্তৰ পূৰ্বাঞ্চলক ৰক্ষা কৰিলে মহাৰাজ পৃথুৱে

Next Post

বিৰাট- ৰণবীৰৰ দৰে দাড়ি ৰাখিব বিচাৰে নেকি ? গৰমৰ দিনত দাড়িৰ যত্ন কেনেকৈ লব?

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
বিৰাট- ৰণবীৰৰ দৰে দাড়ি ৰাখিব বিচাৰে নেকি ? গৰমৰ দিনত দাড়িৰ যত্ন কেনেকৈ লব?

বিৰাট- ৰণবীৰৰ দৰে দাড়ি ৰাখিব বিচাৰে নেকি ? গৰমৰ দিনত দাড়িৰ যত্ন কেনেকৈ লব?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7