সমগ্ৰ বিশ্ববাসীয়ে ঐক্যবদ্ধ হৈ নিম’নিয়াৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে প্ৰতিবছৰে ১২ নৱেম্বৰৰ দিনটো বিশ্ব নিম’নিয়া দিৱস হিচাপে উদযাপন কৰি আহিছে ৷
২০০৯চনত শিশুসকলৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ,চৰকাৰ আৰু ১৪০টাৰো অধিক বেচৰকাৰী সংস্থা লগ হৈ প্ৰথমবাৰৰ বাবে নিম’নিয়া দিৱস উদযাপন কৰিছিল৷
২০১৩চনত দ্য ৱৰ্ল্ড হেল্থ অৰগেনাইজেশ্যন (WHO)আৰু ইউনিচেফ (UNICEF) একত্ৰিত হৈ নিম’নিয়াৰ ফলত হোৱা মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ তথা নিম’নিয়া আৰু ডায়েৰিয়াৰ প্ৰতিৰোধ আৰু সজাগতা বৃদ্ধিৰ বাবে এক কাৰ্য্যপন্থা হাতত লয়৷
নিম’নিয়া হৈছে পৃথিৱীৰ সকলোতকৈ শক্তিশালী মৃত্যুবাহক সোঁচৰা ৰোগ ৷এই ৰোগত এজন ব্যক্তিৰ হাওঁফাওৰ কোষত ভাইৰাচে আক্ৰমণ কৰে যাৰ ফলত মানুহৰ শ্বাস প্ৰশ্বাসত কষ্ট হোৱাৰ লগে লগে তেওঁ শীঘ্ৰেই মৃত্যুক আকোৱালি লয় ৷ সকলো বয়সৰ লোককেই এই ৰোগে আক্ৰমণ কৰে যদিও শিশু আৰু বয়োজ্যেষ্ঠ সকলৰ ক্ষেত্ৰত ইয়াৰ ভয়াবহতা অধিক হোৱা দেখা যায়৷
বায়ু প্ৰদূষণেই হ’ল এই ৰোগৰ প্ৰধান কাৰক ৷ ২০১৯ বৰ্ষত বায়ু প্ৰদুষণৰ ফলত হোৱা এই ভয়াবহ ব্যাধিয়ে প্ৰায় ৭,৪৯,২০০মানুহৰ জীৱন অন্ধকাৰাচ্ছন্ন কৰি তুলিছিল৷ ইয়াৰ বাহিৰেও আন বিভিন্ন কাৰণত মানুহ নিম’নিয়াত আক্ৰান্ত হ’ব পাৰে৷
বৰ্তমান সময়ত ক’ভিডৰ ভয়াবহতাৰ মাজতো সমগ্ৰ বিশ্বতে নিম’নিয়াত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লোৱা লোকৰ সংখ্যা ৪ নিযুততকৈও অধিক৷
এই বৰ্ষৰ ‘বিশ্ব নিম’নিয়া দিৱস’ৰ মুখ্য উদ্দেশ্য হ’ল মানুহক একত্ৰিত কৰি তেওঁলোকক জলবায়ু পৰিৱৰ্তন আৰু বায়ু প্ৰদূষণৰ ফলত হোৱা সমস্যা সমূহৰ বিষয়ে অৱগত কৰাৰ লগতে বিভিন্ন সজাগতা মূলক অনুষ্ঠানৰ যোগেদি পৃথিৱীৰ সকলোতকৈ মাৰাত্মক সোঁচৰা ৰোগবিধৰ ভয়াবহতাৰ প্ৰতি সজাগ কৰা আৰু তেওঁলোকক এই ক্ষেত্ৰত যাৱতীয় সা সুবিধা প্ৰদান কৰা ৷