এলোভেৰা কেকটাছ জাতীয় উদ্ভিদ। ছালকুঁৱৰী নামেৰেও জনা যায়। এলোভেৰাৰ পাত বীজলুৱা ৰসেৰে পৰিপূৰ্ণ হৈ থাকে। এই ৰস অতি ঠাণ্ডা আৰু তিতা। পাত ভাঙিলে বীজলুৱা ৰস ওলায়। এলোভেৰাৰ ৰসে ছালৰ বিভিন্ন ৰোগ ভাল কৰাৰ লগতে ছাল খন ধুনীয়া কৰাত সহায় কৰে। ছাল খন সুন্দৰ কৰিবলৈ হ’লে এলোভেৰাৰ লগত এই দুটা বস্তু মিহলি কৰি ল’ব লাগিব। জানো আহকচোন কি মিহলালে অধিক উপকৃত হ’ব পাৰি –
১) এলোভেৰাৰ ৰসৰ লগত যদি এচামুচ ভিটামিন ‘ই’ তেল ভাল কৰি মিহলাই লৈ ৰাতি টোপনি যোৱাৰ আগতে মালিচ কৰি শুই যাব পাৰি তেতিয়া হ’লে ছাল খন যথেষ্ট উজ্বল হৈ পৰিব।
২) এলোভেৰাৰ ৰসৰ লগত গোলাপ জল মিহলাই মিশ্ৰণ কৰি ল’ব লাগে। এই মিশ্ৰণটিক মুখ , পিঠি , ডিঙি আদিত ভালদৰে লগাব লাগে। এনে কৰিলেও ছাল অতি সুন্দৰ হৈ পৰিব।