গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ এদিন পিছতে প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক জন্মদিনৰ শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শুকুৰবাৰে ছোনিয়াই ৭৬ বছৰ সম্পূৰ্ণ কৰিলে। কংগ্ৰেছকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলেও তেওঁক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ৷
টুইটাৰত ছোনিয়াক সম্বোধন কৰি মোদীয়ে লিখিছে, ‘ছোনিয়া গান্ধীলৈ জন্মদিনৰ শুভেচ্ছা জনালোঁ। তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো।” হিমাচল বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ জয়ৰ পিছত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনক লৈ কংগ্ৰেছৰ ভিতৰত সংঘাত আৰম্ভ হৈছে যদিও ৰাহুল আৰু প্ৰিয়ংকাৰ সৈতে এইবাৰ ৰাজস্থানৰ ছাৱাই মাধোপুৰৰ ৰন্থামবৌৰ ব্যঘ্ৰ প্ৰকল্পত জন্মদিন উদযাপন কৰিব ছোনিয়াই।
দৰাচলতে গুজৰাট-হিমাচলত ভোটগণনা চলি থকাৰ সময়তে বৃহস্পতিবাৰে ৰন্থাম্বোৰত উপস্থিত হৈছিল ছোনিয়া। ভাৰত জোৰো যাত্ৰাৰ পৰা সাময়িক বিৰতি লৈ ৰাহুল গান্ধীও তাত উপস্থিত হয়। ব্যঘ্ৰ প্ৰকল্পটো দর্শনৰ সময়ত প্ৰিয়ংকা আৰু তেওঁৰ স্বামী ৰবাৰ্টেও ছোনিয়াৰ সৈতে থাকিব বুলি কংগ্ৰেছৰ এক সূত্ৰই প্ৰকাশ কৰিছে। সূত্ৰটোৱে দাবী কৰা মতে, ৰবাৰ্টৰ এজন বন্ধুৰ ৰিজ’ৰ্টত ঘৰুৱা ধৰণেৰে ছোনিয়াৰ জন্মদিন পালন কৰা হ’ব।