VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মণিপুৰত হিংসা আৰু বৰ্বৰতাৰ বিৰুদ্ধে দেশজোৰা প্ৰতিবাদ আম আদমি পাৰ্টীৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 26, 2023
in মুখ্য সংবাদ
মণিপুৰত হিংসা আৰু বৰ্বৰতাৰ বিৰুদ্ধে দেশজোৰা প্ৰতিবাদ আম আদমি পাৰ্টীৰ
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

নতুন দিল্লী/গুৱাহাটী, ২৪ জুলাই: সমগ্ৰ দেশৰ লগতে অসমৰ সমষ্টিয়ে সমষ্টিয়ে আজি মণিপুৰত চলি থকা হিংসা আৰু কেন্দ্ৰীয় চৰকাৰৰ নিষ্ক্ৰিয়তাৰ প্ৰতিবাদত শিখা সমদল উলিওৱা হয়। ৰাজ্যিক সমিতিয়ে গনেশগুৰিত এই সমদল উলিওৱাৰ বিপৰীতে জিলা আৰু সমষ্টি সমিতিসমূহে নিজ নিজ এলেকাত এই প্ৰতিবাদ সাব্যস্ত কৰে। আশী দিনতকৈও অধিক দিন হিংসাত জৰ্জৰিত ৰাজ্যখনৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ মণিপুৰ চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাত পৰিস্থিতি বেয়াৰ পৰা বেয়ালৈ গতি কৰিছে। বিজেপি চৰকাৰ দুখনৰ নিষ্ক্ৰিয়তাৰ বাবে বিজেপিৰ বিৰুদ্ধে পক্ষপাতিত্বৰ সন্দেহ ঘনীভূত হৈছে। মণিপুৰৰ এই জটিল সন্ধিক্ষণত প্ৰধানমন্ত্ৰী মোডীৰ হস্তক্ষেপ দাবী কৰে আম আদমি পাৰ্টীয়ে।

বিগত তিনিমাহ ধৰি মণিপুৰত হিংসা আৰু নৃশংসতাই আগুৰি ধৰিছে, যাৰ ফলত সংসদৰ পৰা ৰাজপথলৈ সৰ্বত্ৰে ক্ষোভৰ প্ৰতিফলন হৈছে। এই ক্ৰমবৰ্ধমান সংকটৰ বিৰুদ্ধে মঙলবাৰে আম আদমি পাৰ্টীয়ে শীঘ্ৰে প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপৰ দাবীত দেশজোৰা প্ৰতিবাদৰ নেতৃত্ব দিব। প্ৰধানমন্ত্ৰীক ব্যক্তিগতভাৱে বিষয়টোত হস্তক্ষেপ কৰিবলৈ আৰু মণিপুৰত শান্তি ঘূৰাই অনাৰ বাবে সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিবলৈ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আহ্বান জনায়।

আপ দিল্লীৰ ৰাজ্যিক আহ্বায়ক গোপাল ৰায়ে মণিপুৰৰ ঘটনাৰাজিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে বিগত তিনিমাহ ধৰি মণিপুৰ হিংসা আৰু অমানৱীয় ঘটনাই ভয়াৱহভাৱে জৰ্জৰিত হৈ আছে। তেওঁ কয়, “আশ্চৰ্যজনকভাৱে মানুহক আক্ৰমণ কৰা হৈছে আৰু তেওঁলোকৰ ঘৰ-দুৱাৰ জ্বলাই দিয়া হৈছে। নাৰীৰ ওপৰত হোৱা হিংসাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। পৰিতাপৰ বিষয় যে মণিপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে যেন অধিক উচটনিহে দিছে।”

গোপাল ৰায়ে পুনৰ অভিযোগ কৰে যে কেন্দ্ৰীয় চৰকাৰক নিষ্ক্ৰিয় পৰ্যবেক্ষক হৈ আছে আৰু মণিপুৰৰ পৰিস্থিতিৰ সমাধানৰ বাবে কোনো অৰ্থপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা নাই। অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ বাবে মণিপুৰৰ পৰা আন ৰাজ্যলৈ হাজাৰ হাজাৰ লোকৰ গণ পলায়নৰ কথা তেওঁ উল্লেখ কৰে। তেওঁ কয় যে নাৰীৰ বিৰুদ্ধে চলি থকা বৰ্বৰ কাণ্ড সংঘটিত কৰা সকলৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। চকুৰ আগত হিংসাৰ জুই দপদপকৈ জ্বলি থকা দেখিও ৰাজ্য আৰু কেন্দ্ৰ উভয় চৰকাৰে মৌন হৈ আছে। এনে উদাসীনতা আৰু নিষ্ক্ৰিয়তাক সহ্য কৰিব নোৱাৰি।

এই ভয়াৱহ অন্যায়ৰ বিৰোধিতা কৰি আপে আজি সমগ্ৰ দেশতে শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰিব। মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ জৰুৰী হস্তক্ষেপৰ প্ৰয়োজন, আৰু এই বিষয়ত প্ৰধানমন্ত্ৰীৰ মৌনতাই সমগ্ৰ দেশৰ বাবে উদ্বেগৰ বিষয়। মণিপুৰক বৰ্তমানৰ দুৰ্দশাৰ পৰা বচাবলৈ সমগ্ৰ দেশ একত্ৰিত হ’ব লাগিব। এই বিষয়টো এতিয়া একমাত্ৰ ৰাজনৈতিক দলৰ বিষয় হৈ থকা নাই। সেয়ে দলটোৱে সকলো নাগৰিককে তেওঁলোকৰ শান্তিপূৰ্ণ বিক্ষোভত যোগদান কৰিবলৈ আহ্বান জনায়। দিল্লীৰ যন্তৰ মন্তৰত আপে এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে।

পৰিস্থিতিৰ গুৰুত্ব বুজি প্ৰধানমন্ত্ৰীক সংসদত দেশবাসীক সম্বোধন কৰিবলৈ কেজৰিৱালে মোডীক আহ্বান জনায়। “মণিপুৰ জ্বলি থকাৰ সময়ত প্ৰধানমন্ত্ৰী লুকাই থাকিব নোৱাৰে; সংকটৰ সময়ত জনসাধাৰণে নিজৰ নেতাৰ ওচৰলৈ যোৱাটো স্বাভাৱিকতে।” তেওঁ প্ৰধানমন্ত্ৰীক সমস্যাটো সমাধান কৰিবলৈ তথা মণিপুৰত শান্তি ঘূৰাই অনিবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Previous Post

সাংবাদিকৰ বিভিন্ন সমস্যাক লৈ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰীক জাফা’ৰ প্ৰতিনিধি দলৰ সাক্ষাৎ

Next Post

উচ্চতম ন্যায়ালয়ে ‘অবৈধ’ বুলি অভিহিত কৰা সঞ্জয় কুমাৰ মিশ্ৰৰ ইডি মুৰব্বী পদৰ ম্যাদ বৃদ্ধি কৰিব বিচাৰিছে কেন্দ্ৰই, উচ্চতম ন্যায়ালয়ত নতুন আৱেদন দাখিল

Related Posts

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি
মুখ্য সংবাদ

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই
মুখ্য সংবাদ

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!
মুখ্য সংবাদ

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
১০ ঘণ্টাৰো অধিক সময় একে ঠাইত বহি কাম কৰে নেকি আপুনি ? গৱেষকৰ সকীয়নি -আক্ৰান্ত হ’ব পাৰে ডিমনেচিয়াত
মুখ্য সংবাদ

১০ ঘণ্টাৰো অধিক সময় একে ঠাইত বহি কাম কৰে নেকি আপুনি ? গৱেষকৰ সকীয়নি -আক্ৰান্ত হ’ব পাৰে ডিমনেচিয়াত

October 2, 2023
প্ৰেমৰ সম্পর্ক হৈ পৰিল বোজা!! বিয়াৰ প্ৰলোভনেৰে বৰপেটাৰ যুৱতীৰ সৈতে একেলগে থাকি ঘৰলৈ ওভতাৰ চেষ্টা ঝাৰখণ্ডৰ যুৱক
মুখ্য সংবাদ

প্ৰেমৰ সম্পর্ক হৈ পৰিল বোজা!! বিয়াৰ প্ৰলোভনেৰে বৰপেটাৰ যুৱতীৰ সৈতে একেলগে থাকি ঘৰলৈ ওভতাৰ চেষ্টা ঝাৰখণ্ডৰ যুৱক

October 2, 2023
আজিৰে পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰৰ পানীৰ বটল, কিমান মিলিলিটাৰৰ পানীৰ বটল বজাৰত নাপাব !
মুখ্য সংবাদ

আজিৰে পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰৰ পানীৰ বটল, কিমান মিলিলিটাৰৰ পানীৰ বটল বজাৰত নাপাব !

October 2, 2023
Next Post
উচ্চতম ন্যায়ালয়ে ‘অবৈধ’ বুলি অভিহিত কৰা  সঞ্জয় কুমাৰ মিশ্ৰৰ ইডি মুৰব্বী পদৰ ম্যাদ বৃদ্ধি কৰিব বিচাৰিছে কেন্দ্ৰই, উচ্চতম ন্যায়ালয়ত নতুন আৱেদন দাখিল

উচ্চতম ন্যায়ালয়ে ‘অবৈধ’ বুলি অভিহিত কৰা সঞ্জয় কুমাৰ মিশ্ৰৰ ইডি মুৰব্বী পদৰ ম্যাদ বৃদ্ধি কৰিব বিচাৰিছে কেন্দ্ৰই, উচ্চতম ন্যায়ালয়ত নতুন আৱেদন দাখিল

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7