উন্নত ৰাষ্ট্ৰসমূহত আইন জনা আৰু নজনাৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হয়। আইনৰ ডিগ্ৰীধাৰী লোকসকলক সমাজৰ উচ্চ খাপৰ অথবা প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰা হয়। আইনজীৱি সকলৰ মাচুলৰ পৰিমাণ বেছি হোৱা বাবে মোকৰ্দমা চলোৱা কামটো সাধাৰণ নাগৰিকৰ বাবে একপ্ৰকাৰ বিলাসিতা বুলিবই পাৰি। সেই দেশসমূহৰ নাগৰিক সকল নিজৰ অধিকাৰ আৰু কৰ্তব্যৰ প্ৰতি অধিক সচেতন। যিহেতু আইনী প্ৰক্ৰিয়া জটিল আৰু কঠোৰ, নাগৰিক সকলেও সেয়ে আনৰ অধিকাৰ ভংগ নকৰাকৈ জীৱন নিৰ্বাহ কৰিব বিচাৰে। তেওঁলোকে দেশৰ আইন ব্যৱস্থাক সন্মান কৰে আৰু ব্যৱস্থাটোক আয়ত্ব কৰিবলৈ চেষ্টা কৰে।
ভাৰতৰ অন্যান্য উন্নত অথবা অনুন্নত বেছি সংখ্যক ৰাজ্যৰ লোকেই আইন শিক্ষাক উচ্চতম আসনত ৰাখে। বলিউদৰ বাণিজ্যিক ছবিত দেখুওৱাৰ দৰে শিক্ষক আৰু উকীলক হাঁহিৰ খোৰাক হিচাপে পাতলীয়াকৈ নলয়।
অসমৰ কথা সুকীয়া। অসমৰ অধিক সংখ্যক শিক্ষিত ও অৰ্ধশিক্ষিত লোকৰ দুটা ভ্ৰান্ত ধাৰণা থাকে- প্ৰথমতে, আইনৰ ডিগ্ৰীধাৰীয়ে কেৱল ওকালতি কৰিব পাৰে।
দ্বিতীয়তে, ক’তো পঢ়িবলৈ স্থান নোপোৱা অমেধাৱী ছাত্ৰ ছাত্ৰী সকলেহে আইন পঢ়িবলৈ ঢাপলি মেলে।
বাস্তৱত দ্বিতীয় ধাৰণাটোৰ কোনো গুৰুত্ব নাই। কিন্তু প্ৰথম ধাৰণাটোক এক সামাজিক ব্যাধি হিচাপে মানি লব পাৰি। অৰ্থাৎ তেনে ধাৰণাই সমাজৰ ক্ষতি সাধন কৰে।
The Advocates Act, 1961 ত এটা কথা কোৱা হৈছে যে আইনৰ ডিগ্ৰীধাৰী যিসকল লোকে আদালতত অনুজ্ঞাপত্ৰ সহ ওকালতি কৰে, তেওঁলোক অধিবক্তা। কিন্তু যিসকলে আইন পঢ়িছে বা আইনৰ ডিগ্ৰী লৈছে তেওঁলোক আইনবিদ বা ইংৰাজীত লয়াৰ (Lawyer)।
আইন শিক্ষা গ্ৰহণ কৰাৰ পিছত ওকালতিয়ে শেষ আশ্ৰয় নহয়। এনে বহু উচ্চ মানদণ্ডৰ বৃত্তি আছে য’ত আইনৰ শিক্ষাৰে দীক্ষিত মেধাসম্পন্ন লোক বিচৰা হয়। তাৰ ভিতৰত বেংক, বেচৰকাৰী সংস্থা, আন্তৰাষ্ট্ৰীয় কোম্পানী, ব্যক্তিগত পৰামৰ্শ কেন্দ্ৰ, দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীৰ আইনী পৰামৰ্শদাতা ইত্যাদি।
আইনী সমস্যাৰ সন্মুখীন নোহোৱা ব্যক্তি হয়তো নোলাব। ইজনে সিজনক সুধি ফুৰে উপায় বিচাৰি। ফলত ভুল বাৰ্তা বিয়পাৰ সম্ভাৱনাই অধিক। আইন হৈছে এনে এটা স্পৰ্শকাতৰ বিষয় যাক ধাৰণাৰ আধাৰত প্ৰয়োগ কৰিব নোৱাৰি। আইনত লিপিবদ্ধ ধাৰা সমূহৰ বাহিৰত গৈ আমি একো কৰিব নোৱাৰো। আইনেই হৈছে এখন গণতান্ত্ৰিক দেশৰ একমাত্ৰ ব্যৱস্থা বা ক’ব পাৰি ধনী দুখীয়া নিৰ্বিশেষে একমাত্ৰ অস্ত্ৰ যাক আমাৰ সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু নপঢ়িলে কেনেকৈ জানিম! মুখে মুখে বাগৰি ফুৰা আইনৰ ভুল বাখ্যাৰ পিছত দৌৰিবলৈ এৰি আমি সাধাৰণ মানুহেও উপন্যাসৰ দৰে প্ৰয়োজনীয় আইনৰ কিতাপ সমূহ পঢ়াত কিনো আপত্তি আছে? নিজৰ অধিকাৰক সুৰক্ষিত ৰখাৰ লগতে আনৰ প্ৰতি কৰ্তব্য পৰায়ণ হোৱাৰ একমাত্ৰ উপায়টো হৈছে অধ্যয়ন।
উন্নত দেশৰ লগত ফেৰ মাৰিবলৈ কেৱল টকা পইচা নহয়, সচেতনতা আৰু নিজৰ দেশৰ আইনী ব্যৱস্থাটোৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাৰ দৰে সুগুণ সমূহো তেওঁলোকৰ পৰা আয়ত্ব কৰিব লাগিব। আজিৰ প্ৰেক্ষাপটত আইন কেৱল কেৰিয়াৰ নিৰ্মানৰ বাবে প্ৰয়োজনীয় ডিগ্ৰী নহয়। বৰঞ্চ ই উন্নত দেশৰ সুনাগৰিকৰ বাবে জৰুৰী শিক্ষা।
‘No man is above the law and no man is below it; nor do we ask any man’s permission when we ask him to obey it .
Roosevelt