“জন্মদিনৰ শুভেচ্ছা জনালো” বুলি ফুলৰ থোপা এটা গাৰুৰ কাষত ঘৰৰ কোনোবাই থৈ অহাৰ দৰে সাংঘাটিক ঘটনা এটা নঘটাৰ সময়বোৰত আমাৰ শৈশৱ কাল পাৰ হৈছে। সেই সময়ছোৱাত বিশেষকৈ গাওঁ অঞ্চল সমূহত জন্মদিনৰ শুভেচ্ছা যচা বা উদ্যাপন কৰা কথাবোৰ বৰ সুলভ নাছিল। ”তোমাক জন্মদিনৰ শুভেচ্ছা জনালো” বুলি কোৱাৰ পৰিৱৰ্তে বেছি সংখ্যকৰ মাকে ৰাজহুৱা নামঘৰত অথবা ঘৰৰে প্ৰাৰ্থনা স্থলীত এগছি চাকি জ্বলাই সন্তানৰ মংগল কামনা কৰি ভগৱানক প্ৰাৰ্থনা জনাইছিল। সম্ভৱ হলে পায়স অকনমানো আগবঢ়াইছিল।
লাহে লাহে স্কুল বা কলেজৰ বন্ধু বান্ধৱৰ মাজত শুভেচ্ছাৰ আদান প্ৰদান হ’বলৈ ধৰে। ধুনীয়া ধুনীয়া গ্ৰীটিংছ্ কাৰ্ড, চিঠি, সৰু সৰু কাগজৰ টুকুৰাত লিখা শুভেচ্ছা ভৰা কবিতা আৰু কেতিয়াবা ৰীল থকা গানৰ সৰু আকাৰৰ কেছেট জন্মদিনৰ উপহাৰ হিচাপে দিয়া হৈছিল। কেইবাজনো বন্ধু লগ লাগি একোখন কিতাপ উপহাৰ দিয়াৰ নিয়মো নথকা নহয়।
সময়বোৰ দ্ৰুত গতিত আগবাঢ়িবলৈ ধৰিলে। চিঠি, কবিতা, গান ইত্যাদিৰ প্ৰচলন কমি আহিল। সময়ৰ নাটনিৰ বাবেই হওক বা অন্য কাৰণতেই হওক জন্মদিনবোৰ উত্তাপ বিহীন শুভেচ্ছাৰে ভৰি পৰিল। উফৰি পৰাৰ দৰে তিনিটা ইংৰাজী শব্দই মেচেজৰ ইনবক্স ভৰিবলৈ ধৰিলে। হাজাৰ বিজাৰ ডিজিটেল শুভেচ্ছাৰ মাজতো উকা হৈ থকা হ’ল জন্মদিনবোৰ। চিঞাহীৰ গোন্ধ লাগি থকা আখৰ কেইটা অথবা কবিতাৰ শাৰীত ভৰি থকা আন্তৰিকতাক চুইগী-জমেট’ৰ ৰূপালী কাগজে মেৰিওৱা চিকেনৰ ললী পপে কেনেকৈ ফেৰ মাৰিব? অথবা বেলুন আৰু আইচিং কেকৰ মিঠা সোৱাদে?
জন্মদিনৰ শুভেচ্ছাবোৰ হ’ব লাগে অৰ্থময়। শুভেচ্ছাবোৰে পৃথিৱীখনক ভালপাবলৈ শিকাব লাগে। শুভেচ্ছাবোৰ হ’ব লাগে একো একোটা প্ৰাৰ্থনা।
“We have a common destiny, that should unite us, make us stand in solidarity”- Edgar Morin