বৰগীত বৈষ্ণৱ সাহিত্যৰ প্ৰধান অঙ্গ। বৰগীতে মানৱ সমাজত সঙ্গীতৰ মাধুৰ্য বিলাই মানৱৰ মন আকৰ্ষণ কৰিবলৈ সমৰ্থ হোৱাৰ লগতে আধ্যাত্মিকতাৰে মুগ্ধ কৰে মানৱৰ হৃদয়। মানৱ অন্তৰ সংগীত পিয়াসী । সুখে-দুখে ভৰা ৰহস্যময় মানৱ জীৱনত সংগীত আনন্দৰ ক্ষন্তেকীয়া ৰহঘৰা। তেনেক্ষেত্ৰত মহাপুৰুষৰ সুন্দৰ কুকিল কণ্ঠস্বৰত প্ৰকাশিত সাৱলীল গীতৰ ঝংকাৰে মানৱ সমাজৰ মন জয় কৰিবলৈ সহজে সমৰ্থ হৈছিল।
” কেলি কৰে বিৰিন্দাবনে মোহন গোপাল ।
খেলে সঙ্গে ৰংগে ঢংগে ব্ৰজেৰ ছৱাল ।।
কেলি কৰে বিৰিন্দাবনে মোহন গোপাল।
বনেৰ মালা গাঠিয়া পিন্ধে , মাথায় মৈৰা পাখি।
আনন্দে হৰিৰ সংগে ফিৰে ধনু ৰাখি ।।
কেলি কৰে বিৰিন্দাবনে মোহন গোপাল ।”
ইয়াৰ উপৰিও বৰগীতৰ জনপ্ৰিয়তাৰ কাৰণ অনেক দেখা যায়। বৰগীত নবধা ভক্তিৰ ভিতৰত ‘বন্দন’ ভক্তিৰ অন্তৰ্গত। বৰগীতৰ বিষয়বস্তু , চিত্ৰকল্প ,ভাৱগধূৰ সাৱলীল ভাষা- মাধূৰ্য , ৰাগ-তাল-মান উপস্থাপনৰ স্থান , কাল আৰু আধ্যাত্মিকতাৰে পৰিপুষ্ট। ভগৱান পৰম পুৰুষ শ্ৰীকৃষ্ণৰ বিৰাটত্ব , শ্ৰী কৃষ্ণৰ শৈশৱ লীলাৰ মধুময় চাতুৰ্য , যশোদাৰ পুত্ৰ বৎসলতা , প্ৰভাত বৰ্ণনা , বৃন্দাবনৰ নৈসৰ্গিক শোভা , শ্ৰী কৃষ্ণ স্তুতি ,পৰমাত্মা -নিষ্ঠা তথা আধ্যাত্মিকতাৰ নিদৰ্শনেৰে বৰগীত নিত্য সঞ্জীৱিত। আনহাতে বৰগীতত বৰ্ণিত মাতৃপ্ৰেম , কৃষ্ণৰ ক্ৰীড়া-কৌতুক , শিশুৰ শৈশবীয় চোৰ-চাতুৰী আদি ভাৰতীয় লোক -জীৱনৰ একোখন অনুপম ছৱি। এনেবোৰ গুণৰ বাবে বৰগীতে অতি সোনকালে সমাজত স্থান লভিবলৈ সক্ষম হ’ল।
“আলু মঞি কি কহবো দুখ । পৰাণ নিগৰে নেদেখিয়া চান্দ-মুখ
কত পুণ্যে লভিলো গুণেৰ নিধি শ্যাম ।
বঞ্চিয়া নিলেক নিকৰুণ বিধি বাম। শ্যামকানু বিনে মোৰ নৰহে জীৱন।
হা শ্যাম বুলিতে আকূল কৰে মন”।
শঙ্কৰদেৱে বৰগীতত কৃষ্ণক পৰমব্ৰহ্ম ৰূপে সাক্ষাৎ কৰি হৰিভক্তিৰ চৈধ্য প্ৰসঙ্গত ষষ্ঠস্থানৰ ঠাই দি ভগৱন্তৰ অৰ্চণ-বন্দন কৰিছে। সেয়ে বৰগীত বোৰক গীত নুবুলি বৰগীত বুলি কোৱা হয়। মুঠতে বৰগীত ঐহ্যিক জগতৰ কামগন্ধহীন মুক্ত ভক্তিবৎসলতাৰ ভগৱান ৰাম বা কৃষ্ণ উপাসনাৰ প্ৰধান গীত । সেয়ে বৰগীতৰ গৱেষক সকলৰ মতে ” বৰগীত সাংসাৰিক জগতৰ প্ৰেম কাহিনীৰ পৰা সম্পূৰ্ণ মুক্ত আধ্যাত্মিক ভাৱৰ উপাসনা প্ৰসঙ্গৰ গীত “।
তাৰোপৰি বৰগীতত সন্নিবিষ্ট হৈ আছে হৰি ভক্তিৰ পৰমাৰ্থ। হৰিভক্তিৰ ফলত জীৱনৰ আদি- অন্ত ৰ সম্যক উপলব্ধি হয়, অন্তৰত অশান্তিৰ মাজতো শান্তি লভাৰ উপৰিও পৰকালৰ বাবেও পুণ্য সঞ্চয় হয়।
” কমনে ৰময়া মন,
বিছুৰি ৰহু বৃথা মোহে ভুলায় ।
ৰাম চৰণ , চিন্ত চিত্তক ,
মৃত্যু তৰণ উপায় ।। ”
শঙ্কৰদেৱ আৰু মাধৱদেৱ দুয়োজনা মহাপুৰুষেই হৰিভক্তিক আদৰ্শৰে অনুপ্ৰাণিত কৰি সকলো মানুহকে তাৰ সোৱাদ লবলৈ প্ৰেৰণা দিছে। হৰি ভক্তিৰ ফলত মানৱৰ মনত প্ৰকৃতি , নিন্দা , অসূৱা -দম্ভ আদি ৰিপু সুলভ ভাৱৰ নিৰ্মূল হয়। এনে অৱস্থাত মানৱ মন মুক্ত পৰিসৰত উৰণীয়া পক্ষীৰ দৰে বিচৰণ কৰি
কায়বাক্যমনে ভক্তিত বিলীন হৈ পকৃত মানৱত্ব লাভ কৰিব পাৰে। গতিকে বৰগীতত হৰি ভক্তিৰে এনে অনিবৰ্চনীয় গুণবোৰ লভি জীৱন আনন্দময় কৰিবলৈকো মহাপুৰুষে আদৰ্শ দাঙি ধৰিছে।
” অৰুণ অধৰ মূৰি কান্দে যদু মনি। ।
চান্দ মুখেৰ বালাই লওঁ বোলেৰে জননী ।।
গোবিন্দ দুধ পিউ দুধ পিউ বোলেৰে যশোৱা ।।
কান্দিতে নেত্ৰৰ নীৰ ধাৰে বহি পৰে।
কমল পত্ৰেৰ যেন শিশিৰ নিগৰে।
গোবিন্দ দুধ পিউ ।”
বৈষ্ণৱ কবি সকলে তেওঁলোকৰ সাহিত্যই আন্তঃদেশীয় সাৰ্ব- জনীনতা লাভ কৰাৰ মানসেৰে ব্ৰজাৱলী ভাষাত গীত-পদ-নাট আদি ৰচনা কৰিছিল। ব্ৰজাৱলী ভাষা বৈষ্ণৱ কবি সকলে সৃষ্টি কৰা এটা সুৰীয়া ভাষা , সেয়ে ই শ্ৰুতিমধুৰ আৰু অৰ্থব্যঞ্জক।
ৰাগ প্ৰধানতা বৰগীতৰ প্ৰধান বৈশিষ্ট। প্ৰতিটো বৰগীত নিৰ্দিষ্ট ৰাগত গোৱা হয়। বৰগীতৰ ৰাগ প্ৰধান অংগ। সুৰ আৰু তাল আনুসংগিক বস্তু। মানুহৰ মনোৰঞ্জক স্বৰ আৰু বৰ্ণযুক্ত বিশিষ্ট ধ্বনিৰ সমষ্টিয়েই ৰাগ। এই ৰাগৰ মহিমা প্ৰকাশি চৰিতকাৰে কৈছে-
“প্ৰথমতে শঙ্কৰে ৰাগক তুলি দিল।
লক্ষণৰ বৰ ভাই নামত বিলাই ।
তিমিৰ ৰাগক দিলে সৱে আছে চাই।।
বায়ুমণ্ডলীত ৰাগ দিলন্ত শঙ্কৰ । প্ৰতিসন্ধা একবৃক্ষ আছে ভয়ংকৰ।
যেতিক্ষণে শঙ্কৰে ৰাগক তুলি দিল।
দুই চৰণ দিতে পাত সমস্তে সৰিল।
বহয়ে শোষক বায়ু অসংখ্য অপাৰ।আৰ দুই ফাকি দিতে পাত ভৈলা তাৰ।”
গায়নে নিৰ্দিষ্ট তালেৰে ৰাগ অথবা সুৰ মতে মানত আগবাঢ়ি যায়। ৰাগৰ লগত তাল-মানৰ নিবিড় সম্পৰ্ক আছে। এতেকে বেদত থকা ছন্দৰ দৰে বৰগীতত ৰাগ আৰু তাল-মান অপৰিহাৰ্য।
মহাপুৰুষ শংকৰদেৱ ৰচিত অনুপম সংগীত ‘বৰগীত’ ভক্তি- ধৰ্মৰ প্ৰতিষ্ঠান সত্ৰ -নামঘৰৰ সম্পদ। মহাপুৰুষ শঙ্কৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰত ‘কীৰ্তন দশম’ক মুখ্য সাহিত্য ৰূপে লোৱাৰ দৰে ‘বৰগীত’ ৰচনা কৰি মানৱ সমাজত সঙ্গীতৰ মাধূৰ্য বিলাই মানৱৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।