VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নেতাই ভাষণ দিলে আমি হাহোঁ কিয়?

ববিতা শইকীয়া by ববিতা শইকীয়া
February 5, 2022
in অভিমত
নেতাই ভাষণ দিলে আমি হাহোঁ কিয়?
0
SHARES
32
VIEWS
Share on FacebookShare on Twitter

এইবাৰ বাজেট অধিৱেশনত তৃণমূল কংগেছৰ লোকসভাৰ সদস্য মহুৱা মৈত্ৰ্যক লোকসভাৰ অধ্যক্ষ গৰাকীয়ে নিৰ্ধাৰিত ১৩ মিনিট সময়ো ভাষণ দিবলৈ নিদিয়াত তেওঁ বাহিৰলৈ আহি প্ৰতিবাদ কৰা দেখা গ’ল। তেওঁৰ ভাষণত বাধা প্ৰদান কৰাৰ ফলত কেইটামান মূল্যবান কথা ক’বলৈ থাকি যোৱা বুলি সন্মানীয় সদস্য গৰাকীয়ে অভিযোগ উত্থাপন কৰিছে। সদস্যা গৰাকীয়ে যেতিয়া অতি খৰকৈ, সাৱলীলভাৱে, বলিষ্ঠভাৱে চৰকাৰৰ জনবিৰোধী কাৰ্যকলাপক তীব্ৰভাৱে সমালোচনা কৰি গৈছিল, বিপৰীত দিশৰ পৰা হাহিঁ, শব্দৰ ফৰ্মূতি শুনিবলৈ পোৱা গৈছিল।
ৰাহুল গান্ধীয়ে যেতিয়া সংসদত ভাৰতৰ নিবনুৱা সমস্যাক প্ৰাধান্য দি ধনী আৰু দুখীয়া হিচাপে দুখন ভাৰত সৃষ্টি কৰা বুলি প্ৰধানমন্ত্ৰীক সমালোচনা কৰিছিল তেতিয়াও একেই তাচ্ছিল্যভৰা শব্দৰ ফৰ্মূতি শুনিবলৈ পোৱা গৈছিল।
অসম বিধানসভাৰ হৈ যোৱা অধিবেশন সমূহতো একেই দৃশ্য। মূখ্যমন্ত্ৰী জনে কথা কৈ থাকিলে বা অন্যান্য মন্ত্ৰীবৰ্গই কথা কৈ থাকিলে বিৰোধী সদস্যৰ ফালৰ পৰা চিঞৰ বাখৰ কৰা হয়। বিৰোধীয়ে কথা ক’লে সিটো পক্ষই কৰে তুচ্ছতাচ্ছিল্য।
বিভিন্ন ৰাজ্য তথা কেন্দ্ৰত লোকসভা আৰু বিধান সভাৰ মজিয়াত চকী দলিওৱা প্ৰথাৰ কথা নকলোৱেই বা! 

ক’ৰ পৰা আৰম্ভ হ’ল এনে অপ সংস্কৃতিৰ। ভাৰতীয় সংবিধানৰ ক’তো উল্লেখ নাই অভদ্ৰামিৰে সংসদৰ মজিয়াক মলিন কৰাৰ উপদেশ। এজন সদস্যই কথা কৈ থাকিলে দিত্বীয় পক্ষই তেখেতক শেষ কৰাৰ সুবিধাকন দিব নোৱাৰেনে! ইমান অসহনশীলতাৰ ধৃষ্টতা কেনেকৈ দেখাব পাৰে এজন জনপ্ৰতিনিধিয়ে আন এজন প্ৰতিনিধিক! চাৰিও প্ৰান্তৰ পৰা চাই থকা দেশৰ নাগৰিক সকলক তেওঁলোকে কি দেখুৱাব বিচাৰে! এইয়াই ৰাজনীতি নেকি! সদনৰ দৰে পবিত্ৰ মঞ্চত য’ত তেওঁলোকে স্ব ইচ্ছাৰে ঠিয় দিব নোৱাৰে, তাতে তেওঁলোকৰ এনে আচৰণ! প্ৰতিবাদ মানে হৈ হাল্লা, অপমান, তাচ্ছিল্য নেকি! প্ৰতিবাদৰ ভাষা কিয় নহয় গঠনমূলক! যুক্তিলৈ, সমালোচনালৈ ভয় কৰা তেওঁলোক একোজন পলৰীয়া নেকি! সংসদত এটা সমষ্টিৰ জনপ্ৰতিনিধিক কৰা অসন্মান সূচক ইংগিতে বা ব্যৱহাৰে সেই সমষ্টিটোৰ জনসাধাৰণক অসন্মান কৰা সূচায়। 

আমি কিয় নেহৰু বা বাজপেয়ী দেৱক অনুসৰণ নকৰো? বাজপেয়ী দেৱে সংসদত নেহৰুক কৈছিল “আপোনাৰ মাজত চাৰ্চিল আৰু চেম্বাৰলিন দুয়োজনৰে ব্যক্তিত্ব মই দেখা পাওঁ”- কিমান সুসংগত আছিল তেখেতৰ মন্তব্য। আকৌ আন এটা ভাষণত তেওঁ কৈছিল যে চাউথ ব্লকত এখন নেহৰুজীৰ ফটো আৰিঁ থোৱা হৈছিল। এদিন সেই ফটোখন নেদেখি তেওঁ উদ্বিগ্ন হৈ পৰিছিল। পুনৰ সেই ঠাইত নেহৰুৰ ফটোখন আৰিঁ দিয়া হৈছিল। কিমান সন্মান দিছিল বিৰোধী দলৰ জেষ্ঠ্য নেতাজনক।

আমি সেই একেখন দেশতে বাস য’ত নেহৰু আৰু বাজপেয়ী দেৱৰ দৰে ব্যক্তি প্ৰধানমন্ত্ৰী হৈছিল। আজি আমি সেইখন দেশৰে নাগৰিক য’ত প্ৰধানমন্ত্ৰীৰ আৰু মূখ্যমন্ত্ৰীৰ মিমি বনাই হাহোঁ। য’ত সংসদ আৰু বিধানসভাৰ মজিয়াত এজনে আনজনৰ গালৈ চকী দলিয়াই বিৰোধ প্ৰদৰ্শন কৰোঁ! 
আমি ক’লৈ গৈ আছো!

Previous Post

জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী বাগদেৱী বীণাপাণি মা সৰস্বতী দেৱী

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী
অভিমত

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী

August 15, 2024
কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত
অভিমত

কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত

January 26, 2024
সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ
মুখ্য সংবাদ

সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ

October 4, 2023
বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ
অভিমত

বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ

August 21, 2023
আহল বহল চিন্তাবোৰ
অভিমত

আহল বহল চিন্তাবোৰ

July 28, 2023
আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?
অভিমত

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?

April 1, 2023
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7