ধৃতৰাষ্ট্ৰৰ উপদেশ অনুসৰি পঞ্চ-পাণ্ডৱে খাণ্ডৱপ্ৰস্থৰ প্ৰাচীন নগৰৰ ধ্বংসাৱশেষৰ ওপৰতে নতুনকৈ ৰাজধানী বনাবৰ কাৰণে খাণ্ডৱপ্ৰস্থৰ বনভূমি পৰিষ্কাৰ কৰিবলৈ জুই লগাই দিলে।
এজনী সাৰঙ্গ পক্ষী চাৰিটা কণ কণ পোৱালিলৈ সেই হাঁবিতে এজোপা গছত বাঁহ পাতিছিল। মতা সাৰঙ্গটোৱে তাইক আৰু পোৱালি কেইটাক এৰি আন এজনী সাৰঙ্গ পক্ষীৰ লগত থকাৰ কাৰণে মাইকী সাৰঙ্গ জনীয়ে অকলে পোৱালি কেইটাৰ প্ৰতিপালন কৰিব লগাত পৰিছিল। যেতিয়া কৃষ্ণ আৰু অৰ্জুনৰ আদেশত জ্বলাই দিয়া জুইৰ লেলিহান অগ্নিশিখাই খাণ্ডৱ দাহ আগুৰি ধৰিলে তেতিয়া মাতৃ সাৰঙ্গই ভয়ত অস্থিৰ হৈ বিলাপ কৰিবলৈ ধৰিলে—-“এই ভয়ঙ্কৰ জুইৰ শিখা কৰাল মূৰ্তি ধৰি ওচৰ চাপি আহিছে । গছ-গছনিবোৰো পুৰি ছাই কৰি আনিছে। ডাঙৰ ডাঙৰ গছবোৰ হুৰমুৰকৈ ভাগি পৰিছে। এই বননিৰ সকলো জীৱ-জন্তুৰ প্ৰাণত ত্ৰাস। তহঁতকো জুয়ে পাবহিয়েই। জুয়ে পুৰি ছাই কৰিব। কি কৰোঁ মই এতিয়া ? তহঁতৰ পিতৃয়ে আমাক পৰিত্যাগ কৰিছে। মোৰো তহঁতক লৈ উৰি যাবলৈ গাত শক্তি নাই।”
চিঞৰি চিঞৰি কান্দি থকা মাকক সাৰঙ্গ পোৱালি কেইটাই সান্তনা দিবলৈ ধৰিলে। আমাৰ বাবে চিন্তা কৰিব নালাগে , আমাক ভাগ্যৰ ওপৰত এৰি দিয়া। আমি যদি জুইত পুৰি মৰো হয়তো পিছৰ জনমত পক্ষীত কৈও উত্তম কুলত জন্ম গ্ৰহণ কৰিব পাৰিম। তুমি যদি আমাৰ বাবে প্ৰাণ উচৰ্গা কৰা তেনেহ’লে আমাৰ বংশ লোপ পাব। গতিকে তুমি নিৰাপদ স্থানত গুচি যোৱা আৰু বংশ ৰক্ষা কৰা। পোৱালি কেইটাৰ বুজনিত সাৰঙ্গ পক্ষী মান্তি নহ’ল। গছজোপাৰ তলতে থকা এন্দুৰৰ গাঁতত পোৱালি কেইটাক সোমাবলৈ কৈ মুখখন মাটিৰে বন্ধ কৰি তাই গুচি যাব আৰু জুই কমি যোৱাৰ পিছত আহি সিহঁতক উলিয়াই আনিব। কিন্তু পোৱালি কেইটা গাঁতত সোমাবলৈ মান্তি নহ’ল আৰু মাকক বুজাই সেই ঠাইৰ পৰা আঁতৰাই পঠিয়ালে।
সাৰঙ্গ পক্ষীৰ পূৰ্ব কথা অনুসৰি —মন্দপাল নামৰ ঋষি জনাই আজীৱন ব্ৰহ্মচৰ্যৰ সংকল্প লৈ চিৰকুমাৰ হৈ মৃত্যু বৰণ কৰাত সন্তান প্ৰাপ্তি নোহোৱা বাবে স্বৰ্গত প্ৰৱেশ কৰিবলৈ নোৱাৰি পুনৰ পৃথিৱীলৈ ঘূৰি আহি সাৰঙ্গ পক্ষী হৈ জন্ম লভিলে। জড়িতা নামৰ এজনী সাৰঙ্গৰে যোৰ পাতিলে। তাৰ ফলত চাৰিটা কণীৰ পৰা চাৰিটা পোৱালি হ’ল। গতিকে জড়িতাৰ পোৱালি চাৰিটা আচলতে ঋষিৰ সন্তান , সেইবাবে সিহঁত জ্ঞানী হোৱা বাবে বিপদৰ সময়ত ধৰ্য্য ধৰি সিহঁতে মাকক সান্তনা দিব পাৰিছিল।
জুইৰ শিখাই গছজোপা আগুৰি ধৰোঁতেও পোৱালি কেইটাই ভয় নকৰিলে। জুই আহি কাষ চাপিলত আটাইকেইটা পোৱালিয়ে অগ্নিক সম্ভাষণ জনাই স্তুতি কৰিবলৈ ধৰিলে — ” হে অগ্নি দেৱতা , আমাৰ মাতৃয়ে আমাক এৰি গৈছে। আমাৰ পিতৃক আমি আজিলৈকে দেখাই নাই। আমাৰ পাখিয়েই গজা নাই। আমি অতিকৈ অসহায়। তুমিয়েই আমাৰ আশ্ৰয়। গতিকে আমি তোমাৰ শৰণাপন্ন হৈছো।” এইদৰে পোৱালি কেইটাই অগ্নি দেৱতাক স্তুতি কৰিবলৈ ধৰিলে।
খাণ্ডৱদহনকাৰী অগ্নিয়ে সকলো পুৰি ছাৰখাৰ কৰিলে কিন্তু পোৱালি কেইটাক একো নকৰাকৈ এৰি গুচি গ’ল। জুই পাৰ হৈ যোৱাৰ পিছত মাক সাৰঙ্গ জনী আহি পোৱালি কেইটাক দেখা পাই আনন্দত আত্মহাৰা হৈ সিহঁতক সাবটি ধৰিলেহি।
অৰণ্যত জুই লগা দেখি মতা সাৰঙ্গ পক্ষীটোৰো পোৱালি কেইটাৰ কাৰণে চিন্তা হৈছিল। সন্তান লাভৰ বাবেই তেওঁৰ পুনৰ জনম হৈছিল । গতিকে পোৱালি কেইটাক চাবলৈ তেওঁ গছজোপাৰ ওচৰলৈ আহিল। কিন্তু জড়িতাই তাৰ ফালে ঘুৰিয়ে নাচালে , তাই সন্তান কেইটাৰ লগত ৰঙ মনে থাকিল।
মহাকাব্য দুখনত বা আান আন ধৰ্মীয় গ্ৰন্থত কিছুমান কাহিনী সন্নিবিষ্ট হৈ থাকে। এই কাহিনী বোৰৰ বৰ্ণনাৰ জৰিয়তে কেতিয়াবা কেতিয়াবা অতি আকৰ্ষণীয় ভাৱে মহত্ত্বম সত্যবোৰো প্ৰকাশ কৰা হয়।
অতি প্ৰাচীন কালৰে পৰা মাতৃ স্নেহ সৰ্বত্তোম স্নেহ হিচাপে বিবেচিত হৈ আহিছে। হাজাৰ বিপদৰ মাজতো মাতৃয়ে সন্তানক এৰিব নোৱাৰাৰ দৰে সন্তানেও মাতৃৰ মংগলৰ কাৰণে সকলো ত্যাগ কৰিব পাৰে। মাতৃ-সন্তানৰ এই প্ৰেম যুগে যুগে যুগমীয়া হৈ ৰ’ব চিৰ’দিনৰ বাবে।