মেটিক পৰীক্ষাবোৰে জীৱনলৈ উৎসাহ আনে। জীয়াই থাকিবলৈ হেপাঁহ যোগায়। পৰীক্ষাৰ নম্বৰকেইটাই জীৱনৰ লক্ষ্যত উপনীত কৰাব নোৱাৰে, কিন্তু লক্ষ্যৰ পিনে আগুৱাই যোৱাত সহায় কৰে। মেট্ৰিকত পোৱা মোটা নম্বৰকেইটাই আত্মসন্মানৰ জন্ম দিয়ে। সেই আত্মসন্মানক জীয়াই ৰাখিবলৈ শিক্ষা জীৱনৰ আনবোৰ পৰীক্ষাত দেহে কেহ খাটে ল’ৰা-ছোৱালীবোৰে। মেট্ৰিকৰ ভাল নম্বৰে অকালতে আনি দিয়া সুখ্যাতি, মৰম, সন্মান আৰু স্বাভিমানে জীৱনটোক ভাল পাবলৈ, শ্ৰদ্ধা কৰিবলৈ শিকায়। কেৱল নম্বৰকেইটাক মনত নাৰাখি শুভাকাংক্ষীৰ হেপাহ আৰু উৎসাহক বুকুত লৈ ফুৰাজনে জীৱনৰ কোনো পৰীক্ষাতে বিফল নহয়।
মেট্ৰিকৰ কম নম্বৰ পোৱা অথবা উত্তীৰ্ণ হোৱাকৈ নম্বৰ নোপোৱা ল’ৰা ছোৱালী বিলাকেও জীৱনত উৎসাহ পাব পাৰে। অতি কম বয়সতে বিফলতাই মনলৈ আনি দিয়া হতাশাক জীৱনৰ হতাশালৈ পৰিৱৰ্তিত নকৰিবলৈ দৃঢ়তা আনি দিব পাৰে মেট্ৰিকৰ কম নম্বৰে। মাথো তেওঁলোকে নিজকে শুধৰাবলৈ পোৱা প্ৰথমটো সুবিধাক পুনৰাবৃত্তি হ’বলৈ দিব নালাগে।
মেট্ৰিক পৰীক্ষাৰ নম্বৰবোৰ আচলতে জীৱনটোক আগুৱাই নিয়াৰ প্ৰাথমিক পদক্ষেপ। যেনেকৈ কেঁচুৱাই বহাৰ পৰা উঠি নিজাকৈ প্ৰথমটো খোজ পেলায়।
গৰ্ভত সন্তান ধাৰণৰ খবৰ পোৱাৰ লগে লগে মাক দেউতাকে একোটা সপোন দেখিবলৈ আৰম্ভ কৰে-মোৰ সন্তান অমুক হ’ব, তমুক হ’ব ইত্যাদি ইত্যাদি। জন্ম হোৱাৰ পাছত অত্যুৎসাহী হৈ ঠিৰাং কৰে সন্তানৰ ভৱিষৎ। কিন্তু উৰিবলৈ পাখিৰ প্ৰয়োজনীয়তাৰ দৰে প্ৰকৃত বাস্তৱৰ অনুধাৱন তেতিয়াহে হয় যেতিয়া সন্তানটিয়ে প্ৰাকৃতিক নিয়ম অনুসৰণ কৰিহে লাহে লাহে ডাঙৰ হয়। গান গোৱাৰ আগতে মাত ফুটিব লাগিব, দৌৰাৰ আগতে খোজকাঢ়িব লাগিব আৰু কিতাপ লিখাৰ আগতে আখৰ শিকাতো বাঞ্চনীয় ।
মেট্ৰিক কেৱল আনুষ্ঠানিক শিক্ষাৰ প্ৰথমটো জটিল পৰীক্ষাই নহয় , বৰঞ্চ ই জীৱনৰ একোটা উৎসাহ অথবা উৎসাহৰ উৎস হ’ব পাৰে ।
জীৱনৰ লক্ষ্য সঠিক হ’লে উৎসাহ অথবা নিৰুৎসাহ দুয়োটাই উদগণি জগায় লক্ষ্যত উপনীত হ’বলৈ। আমি কেনেকৈ গ্ৰহণ কৰোঁ সেয়াহে আচল কথা।
ফুলকুমলীয়া ল’ৰা ছোৱালীবোৰৰ জীৱনত মেট্ৰিক পৰীক্ষাৰ নম্বৰবোৰ সফল জীৱনৰ বাটকটীয়া হৈ ৰওক!