অসমৰ নদাই-ভদাইৰ মাজৰ কাজিয়াখন আৰু ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজত বিশেষ পাৰ্থক্য নাই।
মানৱ সভ্যতাৰ চূড়ান্ত শিখৰত ঠিয় হৈ আমি যুদ্ধ কৰিছো। আলোচনা কৰিছো আমি ৰাছিয়াৰ পক্ষত নে ইউক্ৰেইনৰ পক্ষত ! অৰ্থনীতিত কি প্ৰভাৱ পৰিব! ৰাষ্ট্ৰসংঘই কি পদক্ষেপ লৈছে! আকৌ বিশ্বযুদ্ধ হ’ব নেকি! ইত্যাদি ইত্যাদি।
আমি আন্ত:ৰাষ্ট্ৰীয় আইনৰ কথা কওঁ। আন্তঃৰাষ্ট্ৰীয় সীমা বিবাদক লৈ বিশ্বৰ বিয়াগোম নেতাসকলে লানি লানিকৈ বৈঠক পাতে। কিন্তু ৰাছিয়াই সকলোকে বুঢ়া আঙুলি দেখুৱাই ইউক্ৰেইনক আক্ৰমণ কৰিলে। সমগ্ৰ বিশ্বই পপ্কৰ্ণ আৰু কফি খাই খাই টিভিৰ পৰ্দাত ৰাছিয়াই কেইটা বোমা পেলালে, ইউক্ৰেইনে কেইটা পেলালে তাক গণ্টি কৰি আছে। এইয়া ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰা আক্ৰমণ নহয়, এই আক্ৰমণ গণতন্ত্ৰৰ ওপৰত, সাৰ্বভৌমত্বৰ ওপৰত, মানৱসভ্যতাৰ ওপৰত আৰু স্বাধীনতাৰ ওপৰত হোৱা আক্ৰমণ। ইউক্ৰেইনবাসীৰ সাৰ্বভৌমত্বক সহ্য কৰিব নোৱাৰা ৰাছিয়াই কেৱল অৰ্থনৈতিক আগ্ৰাসন বা ইউক্ৰেইন দখলৰ বাবে এই যুদ্ধ কৰা নাই। কৰিছে ইগ’ চেটিচফেক্চনৰ বাবেও। এনেকুৱা কিছুমান নিৰ্লজ্জ দেশ শাসকৰ আস্থাত জন্মদিয়া সন্তানৰ ভৱিষ্যতক লৈ দিশহাৰা এতিয়া দেশৰ নাগৰিক। যুদ্ধ ভালপোৱা মানুহে সমাজ সৃষ্টিৰ কথা কেনেকৈ ভাৱিব পাৰে! কোনো যুদ্ধই কাম্য নহয়। এনে মানৱসৃষ্ট যুদ্ধত প্ৰকৃতিৰ হাত নাই। আমি ক’লৈ গতি কৰিছো? মানুহৰ মৃত্যুত আমি কিৰিলী পাৰিছো! এইয়াই মানৱ সভ্যতানে? আজিৰ প্ৰেক্ষাপটত কেৱল ৰাছিয়াই দোষী নে? হাত সাৱতি বহি যুদ্ধ চাই থকা বাকী পৃথিৱীখনৰ একো দায়িত্ব নাই নেকি? যি আইনক অংগুষ্ঠ দেখুৱাই ৰাছিয়াই এখন দেশক আক্ৰমণ কৰিব পাৰে, সেই একে আইনৰ গইনা লৈ আমি কৈ আছো “আমি ইউক্ৰেইন বাসীৰ লগত আছো। তেওঁলোকলৈ আমাৰ সমবেদনা”। এইয়া যথেষ্ট নেকি? কোলাৰ কেচুৱা হেৰুওৱা মাতৃৰ আৰ্তনাদ নুশুনা ৰাষ্ট্ৰনেতা কেতিয়াও ক্ষমাৰ যোগ্য নহয়। সেই একে আৰ্তনাদ শুনি শুই থকা সমগ্ৰ বিশ্বৰ শ্ৰেষ্ঠতম জাতিটোলৈ গভীৰ সমবেদনা।