VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শাৰী পিন্ধা নিউজ এংকৰ সকল

ববিতা শইকীয়া by ববিতা শইকীয়া
February 11, 2022
in অভিমত
শাৰী পিন্ধা নিউজ এংকৰ সকল
0
SHARES
242
VIEWS
Share on FacebookShare on Twitter

১৯৫৯ চনত আৰম্ভ হোৱা ভাৰতীয় দূৰদৰ্শনত হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে পঢ়া বাতৰি শুনিবলৈ সমগ্ৰ দেশবাসীয়ে দিনটো অপেক্ষা কৰিছিল। গধূলিৰ বাতৰিত দিনটোত ঘটি যোৱা দেশ আৰু বিদেশৰ সামগ্ৰিক পৰিস্থিতিৰ বিষয়ে জনোৱা হৈছিল।

বাতৰি শুনাৰ লগতে সেই সময় খিনিৰ মূখ্য আৰ্কষণ আছিল মহিলা নিউজ এংকৰ কেইগৰাকী। অত্যন্ত অমায়িক, সাৱলীল ভাষা আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া বাতৰি সমূহ শুনি শুনি এংকৰ কেইগৰাকীক ঘৰৰে কোনোবা আপোন যেন লগা হৈছিল।

ৰিণি চাইমন খান্না, কৌমল সিং, সাধনা শ্ৰীৱাস্তৱ, গীতাঞ্জলী আয়াৰ আদি আটাইকেইগৰাকী মহিলা এংকৰৰ বাতৰি পঢ়াৰ নিজস্ব শৈলীৰ লগতে আছিল শক্তিশালী ব্যক্তিত্ব। তেওঁলোকে পিন্ধা শাৰী,ডিঙিলৈকে ঢাক খোৱা ডাঠ কাপোৰৰ ব্লাউজ, ধুনীয়াকৈ কটা চুলিৰ ষ্টাইল আদি সকলো মিলি জনমানসত তেওঁলোকৰ প্ৰত্যেকগৰাকীয়েই এক সুকীয়া স্থান দখল কৰিছিল।

বাতৰি পঢ়াৰ বাহিৰেও অন্যান্য অনুষ্ঠানবিলাক পৰিৱেশন কৰা সেই সময়ৰ মহিলা টিভি এংকৰ সকলে কোনো কথাতে উচ্চবাচ্য নকৰি বৰ অমায়িক ভাৱে কথোপকথন আগবঢ়াই নিছিল। সাক্ষাৎকাৰ গ্ৰহণ কঁৰোতেও আমন্ত্ৰিত অতিথি সকলৰ সতে বাৰ্তালাপ আছিল ভদ্ৰ, নম্ৰ। অতি বিনম্ৰতাৰে প্ৰশ্নবোৰ সুধিছিল। ৮০-৯০ দশকৰ এইসকল নিউজ এংকৰে ফিল্মফেয়াৰ এৱাৰ্ড আদি অনুষ্ঠান সমূহত ঘোষিকাৰ দায়িত্ব পালন কৰি তেওঁলোকৰ একক পৰিচয় বহন কৰিছিল।

গুৱাহাটী দূৰদৰ্শনত অসমীয়া বাতৰি পৰিবেশন কৰা বিজু ভঁৰালী, আৰতি কলিতা, কাশ্মীৰি শইকীয়া আদি ৰো আছিল সুকীয়া পঠন শৈলী আৰু ব্যক্তিত্ব।

বাতৰি একোটাৰ প্ৰতি দৰ্শকৰ আগ্ৰহ বঢ়াবলৈ পঢ়োতা জনৰ ব্যক্তিত্বই গুৰুত্ব বহন কৰে। শুদ্ধ উচ্চাৰণৰ লগতে সাজপাৰ আৰু শাৰিৰীক ভাষা হ’ব লাগে মাৰ্জিত। কেৱল কোট টাই পিন্ধিলেই বাতৰি পৰিৱেশনৰ যোগ্যতা অৰ্জন নকৰে। বিশেষকৈ উচ্চস্বৰত কথা কোৱা, আমন্ত্ৰিত অতিথিক ষ্টুডিঅ’ত যি টি প্ৰশ্নবানেৰে অভদ্ৰামি কৰাৰ দৰে ব্যৱহাৰে নিউজ এংকৰৰ প্ৰতি দৰ্শকৰ থাকিবলগা আস্থা হেৰুৱায়।

পৃথিবী বিখ্যাত বাতৰি উদ্যোগ সমূহৰ পৰা বিশেষকৈ অসমীয়া বাতৰি পৰিৱেশক সকলে শিকিব লগা বহু কথা আছে। পৃথিবীৰ আন প্ৰান্তলৈ নগৈ ভাৰতীয় দূৰদৰ্শনত শাৰী পিন্ধি বাতৰি পঢ়া মহিলা কেইগৰাকীক আমি নিশ্চয়কৈ অনুকৰণ কৰিব পাঁৰো।বাতৰি পঢ়োতে শাৰী নিপিন্ধিলেও অন্তত তেওঁলোকৰ ব্যক্তিত্বক আমি নিৰীক্ষণ কৰা উচিত। আমি চাব পাৰো তেওঁলোকৰ এনেকুৱা কি প্ৰকাশভংগী আছিল যে আধাঘণ্টা সময় একেৰাহে বহি মানুহে তেওঁলোকে পঢ়া বাতৰি শুনিছিল। কেৱল সেইয়াই নহয়, দ্বিতীয় দিনাও দূৰদৰ্শনৰ সন্মুখত দৰ্শক বহি থাকিছিল তেওঁলোকক শুনিবলৈ। কেৱল বাতৰিৰ বতৰাৰে নহয়, তেওঁলোকৰ ব্যক্তিত্বইও ধৰি ৰাখিছিল দেশৰ সমগ্ৰ দৰ্শকক।
সেয়ে দূৰদৰ্শনৰ নাম লোৱাৰ লগে লগে ভাঁহি আহে মেলি লোৱা আচঁলেৰে শাৰী পৰিহিতা কেইগৰাকী মান বিশেষ মহিলা, যি কেইবা দশকজুৰি ভাৰতীয় নিউজ ওৱৰ্লডৰ হিৰ’ইন হৈ আছিল। আজিও একে আছে তেওঁলোকৰ একক ইমেজ।

Previous Post

ৰবীনা টেণ্ডনৰ পিতৃ ৰবি টেণ্ডনৰ দেহাৱসান

Next Post

পুনৰ ভাৰতৰ ভূ-খণ্ডত প্ৰৱেশ চীনা সৈন্যৰ, খেদি পঠিয়ালে ভেড়াৰ জাক

Related Posts

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী
অভিমত

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী

August 15, 2024
কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত
অভিমত

কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত

January 26, 2024
সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ
মুখ্য সংবাদ

সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ

October 4, 2023
বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ
অভিমত

বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ

August 21, 2023
আহল বহল চিন্তাবোৰ
অভিমত

আহল বহল চিন্তাবোৰ

July 28, 2023
আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?
অভিমত

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?

April 1, 2023
Next Post
পুনৰ ভাৰতৰ ভূ-খণ্ডত প্ৰৱেশ চীনা সৈন্যৰ, খেদি পঠিয়ালে ভেড়াৰ জাক

পুনৰ ভাৰতৰ ভূ-খণ্ডত প্ৰৱেশ চীনা সৈন্যৰ, খেদি পঠিয়ালে ভেড়াৰ জাক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7