অৰ্জুন কাপোৰ আৰু ৰোহিত শেঠ্টিয়ে অসমৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূজিলৈ ৫,০০,০০০/- লাখকৈ টকা দিয়া বুলি বাতৰিত পঢ়িলো । তেখেতসকললৈ অশেষ ধন্যবাদ। কিন্তু খবৰটো তেওঁলোকে কেনেকৈ পালে জানো!
ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম গুৱাহাটী আৰু অসমৰ অৱস্থাক বিশেষ গুৰুত্ব দি বাতৰি পৰিবেশন কৰা এইবাৰ ও দেখা নগ’ল।
বিহাৰত ট্ৰেইন জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে। তাকো অসমলৈ আহি থকা ট্ৰেইন খন। যিকি নহওক সেই খবৰে সমগ্ৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শ্লট কব্জা কৰি পেলালে। অসমৰ বাতৰিক গুৰুত্বহীন কৰি পেলালে। অসমৰ দুৰ্দশাৰ খবৰ ঘৰৰে চেনলকেইটাই ঘৰৰ মানুখিনিকেই দেখুৱাই আছে। অথচ কেৰেলা বা উত্তৰাখণ্ডৰ বানপানী আৰু ভূমি স্খলনৰ দৃশ্যবোৰে আমাৰ ও চকুৰপানী নিগৰাইছিল। কেৰেলালৈ মই ও ব্যক্তিগতভাৱে ২০০০/- দি সামান্য সকাহ পাইছিলো। কেৰেলাৰ বানপানীয়ে বিশ্ববাসীৰ অন্তৰাত্মা চুই গৈছিল। যাৰ সহায়ত খুব কম দিনতে কেৰেলাক পুনঃনিৰ্মান কৰিবলৈ সক্ষম হৈছিল। উত্তৰাখণ্ডৰ ক্ষেত্ৰত ও একেই পৰিৱেশ।
অসমৰ কিছুমান কথাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ঠাই দখল নকৰা নহয়, কৰে। যেনে জি. এছ.কাণ্ড, অভি-নীল হত্যাকাণ্ড ইত্যাদি। এনে বাতৰিবোৰে অসমৰ প্ৰতি বাহিৰৰ মানুহৰ মনত ঋণাত্মক চিন্তাৰহে জন্ম দিয়ে। ডিমা হাছাও ৰ ভূমি স্খলনৰ বাতৰি ওলাইছিল ক’ৰবাত ক’ৰবাত। হয়তো ভাৰতীয় ৰেল সেৱা সংলগ্ন হৈ থকাৰ বাবেই এই অগ্ৰাধিকাৰ, ডিমা হাছাও বাসীৰ দুখৰ সমভাগী হ’বলৈ নহয়!
আচৰিত হঁও যেতিয়া দিল্লী বা মুম্বাইৰ মানুহ এজনে অসমত বাৰ মাহতে বৰফ পৰি থাকে নেকি বুলি প্ৰশ্ন কৰে।
সংবাদ মাধ্যমে এখন সমাজ বা এখন ৰাজ্যৰ প্ৰকৃত ছবিখন তুলি ধৰিব পাৰে, যদিহে ইচ্ছা কৰে। তেওঁলোকে যি ছবি প্ৰকাশ কৰিব, মানুহে সেই দৃষ্টিৰেই চাব। ঠিক দৃশ্যম চিনেমা খনৰ দৰে। আমাৰ চকুত তুলি ধৰা দৃশ্যবোৰকে বা কাণত পৰা কথাবোৰকে ভাৱি লওঁ আৰু মানি লওঁ। সংবাদ মাধ্যমৰ ভূমিকা অতি শক্তিশালী।
ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ সমস্যা সমূহক প্ৰক্ষেপ কৰাৰ দায়িত্ব ৰাষ্ট্ৰীয় সংবাদমাধ্যম সমূহৰ। তেতিয়াহে গণ সমৰ্থন পোৱা যায়। অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক টেলিফোনত কাণে কাণে আমাৰ সমস্যাৰ বিষয়ে কোৱাতো কিয় লাগিছে !
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ জুৰিচ্ডিক্চনত অসমৰ বান পানী নপৰে নেকি? মানুহৰ দুখবিলাক ৰাজ্য বিশেষে কম বেছি নেকি?