কলেজত পঢ়ি থাকোঁতে ‘বন্ধুত্ব’ৰ ওপৰত এটা প্ৰৱন্ধ লিখিছিলো। ইংৰাজী আৰু অসমীয়া সাহিত্যৰ বিশিষ্ট সাহিত্যিক আৰু দাৰ্শনিক সকলে দিয়া বন্ধুত্বৰ সংজ্ঞাবোৰ খুচৰি আনি মোৰ প্ৰৱন্ধটোত সন্নিৱিষ্ট কৰিছিলো। যিমানপাৰি ধুনীয়া ধুনীয়া শব্দ প্ৰয়োগ কৰি ‘বন্ধুত্বৰ সংজ্ঞা’ নামৰ প্ৰৱন্ধটো ‘ভাল’ কৰিবলৈ চেষ্টা কৰিছিলো।
আচলতে বন্ধু কাক বোলে সেয়া ভাৱিবলৈ তেতিয়া সময় আৰু প্ৰয়োজন দুয়োটাই নাছিল। অকলে বহিলৈ নিৰ্জনতাৰ সতে কথা পতাৰ সুবিধা তেতিয়া নাছিল। পিঠিত ঢকা এটা মাৰি ‘ঐ কি ভাৱি আছ বুলি’ সুধাৰ অৱকাশ থকা মানুহবোৰে চাৰিওফালে আৱৰি আছিল। কন্দাৰ কাৰণবোৰ দাতঁৰ বিষ অথবা পেটৰ বেমাৰৰ বাহিৰে বেলেগ একো নাছিল। হোষ্টেলৰ ৰাতিবোৰত টয়লেটলৈ যাওতে ‘সাথ’ নিদিয়াৰ অপৰাধবোৰেই ক্ষমাহীন আছিল। মেজৰৰ ক্লাছবোৰ ‘মাছবাং’ কৰাতো এভাৰেষ্ট জয় কৰাতকৈও বেছি সফল মিছন আছিল।
চাৰিওফালে আৱৰি থকা এই মানুহবোৰেই যে ‘বন্ধু’ আছিল , সেয়া বুজি নোপোৱাৰ বাবেই প্ৰৱন্ধ লিখিবলৈ ইংৰাজী সাহিত্যিকৰ তথাকথিত সংজ্ঞা বিচাৰি চলাথ কৰিছিলো। পুৰঠ শব্দ বিছাৰি হাহাকাৰ কৰিছিলো।
বন্ধুৰ সংজ্ঞা কেৱল সময়ে দিব পাৰে। সময়ে যিদৰে জীৱন সলনি কৰে, একেদৰে সলনি কৰে বন্ধুৰ সংজ্ঞা ও।প্ৰতিজন বন্ধুয়ে কঢ়িয়াই ফুৰে একোটা পৃথক সংজ্ঞা। মনৰ পৃথিৱী খুলি দিয়া অথচ ‘হেপ্পী ফ্ৰেইণ্ডশ্বিপ্ ডে’ বুলি ক’বলৈ পাহৰি যোৱাৰ মাজতে সোমাই থাকে বন্ধুত্বৰ সংজ্ঞা।
কেৱল মনৰ কথা খুলি ক’ব পৰা বা শুনি থাকিব পৰা জনেই বন্ধু নে? তেন্তে ধনীৰ সতে দুখীয়াৰ বন্ধুত্ব কিয় নজমে! নিজক সংঘাটিক ভাৱে ভালপোৱা জনেও কিয় চুইচাইড কৰে?! চাৰিখন বেৰৰ মাজত থকাৰ পাছতো দুজন ব্যক্তি কিয় বন্ধু হ’ব নোৱাৰে! শিক্ষা আৰু জ্ঞানৰ চৰম পৰ্যায়ত ঠিয় হৈও কিয় বন্ধুৰ তালিকাৰ পৰা বাহিৰ হৈ যায়! বন্ধুত্ব আৱেগেৰে নে বিৱেকৰ দ্বাৰা পৰিচালিত হয়!
এশ এবুৰি দোমাজাত আজি বন্ধুত্বৰ সংজ্ঞা।
হেপ্পী ফ্ৰেইণ্ডশ্বিপ্ ডে’ বুলি ক’বলৈ এটা দিন নহয়, এজন বন্ধুৰ প্ৰয়োজন। সময়ে সলনি কৰিব নোৱাৰা এজন বন্ধু আৰু বন্ধুত্বৰ এটা স্থায়ী সংজ্ঞাৰ প্ৰয়োজন।